বোকাখাত, উত্তম কুমাৰ শৰ্মা: বৃহস্পতিবাৰে বোকাখাতৰ সত্যনাৰায়ণ মন্দিৰৰ সভাকক্ষত অনুষ্ঠিত হয় ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা।
সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত সভাত বিজেপি ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক বিজেপিৰ উপসভাপতি জয়ন্ত কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকা, অনুসূচীত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰ, সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে ৰাজ্যিক বিজেপিৰ বহু শীৰ্ষ বিষয়ববীয়া উপস্থিত থাকে।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তি সন্দৰ্ভত বিস্তৃত আলোচনাৰ লগতে দলৰ আগন্তুক ৰণনীতি তথা পৰিকল্পনাই স্থান পাইছে উক্ত সভাত।
ইফালে জানিব পৰা মতে উক্ত সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়েও অংশগ্ৰহণ কৰা সম্ভাৱনা আছে।
উল্লেখযোগ্য যে অহা ১০ মে ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সম্পূৰ্ণ কৰিব কাৰ্যকালৰ এটা বছৰ । ইয়াৰ পূৰ্বে ৫ আৰু ৬মে তাৰিখে কাজিৰঙাত শাসকীয় বিধায়কৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব মুখ্য মন্ত্ৰী গৰাকী।
বৰ্ষপূৰ্তিৰ পূৰ্বে এবছৰীয়া কাৰ্যকালত শাসকীয় দলৰ বিধায়কে কি কি কাম কৰিলে তাৰ খতিয়ান লোৱাৰ লগতে আগন্তুক দিনত প্ৰতিশ্ৰুতি অনুযায়ী ৰাইজৰ আশা -আকাংক্ষাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত বিধায়ক সকলক এক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ।
লগতে পঢ়ক – নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত শতাধিক পদত ওলাইছে চাকৰি