চন্দন বৰা, কমাৰগাঁও: গোলাঘাট জিলাৰ খুমটাই আৰক্ষী চকীৰ অন্তৰ্গত ঠেঙালৰ পাৰঘাটত শনিবাৰে দুপৰীয়া ধনশিৰি নদীত গোলাঘাট এচ ডি আৰ এফ বাহিনীয়ে অভিযান চলাই এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে।
মৃত মহিলা গৰাকীক ২২ জুনৰ সন্ধিয়া গোলাঘাটৰ ধনশিৰি দলঙৰ পৰা জঁপিয়াই আত্মহননৰ পথ বাছি লোৱা খুকুমণি শৰ্মা আচাৰ্য বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে মহিলা গৰাকীক ধনশিৰি নদীত দুটা দিন গোলাঘাট আৰক্ষীৰ সহযোগত এছ ডি আৰ এফ বাহিনীয়ে নদীখনৰ বুকত সন্ধান চলাইছিল যদিও বিফল হৈছিল। শনিবাৰে পুৱাই পৰিয়ালৰ সহযোগত গোলাঘাট এছ ডি আৰ এফে এটা দলে ধনশিৰি বুকুত সন্ধান চলাই থাকোতে খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙাল গাঁৱৰ পাৰঘাটৰ সমীপত নৈ উটি যোৱা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰে।
ঘটনাস্থলীত কমাৰগাঁও আৰু গোলাঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইতিমধ্যে পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰিছে। গোলাঘাটত সংগীতৰ শিক্ষয়ত্ৰী হিচাপে পৰিচিত খুকুমণিয়ে ২২ জুনৰ সন্ধিয়া গোলাঘাট ধনশিৰি দলঙৰ পৰা নদীত জাপ দি আত্মহনন দৰে চৰম পথ বাছি লৈছিল। মৃত্যুৰ পূৰ্বে ফেচবুকত তেওঁ নিজৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি এটা পষ্ট দিছিল।
এটি তিনি বছৰীয়া সন্তানৰ মাতৃ খুকুমণি শৰ্মা আচাৰ্যই কি কাৰণত আত্মহনন দৰে চৰম পথ বাছি ল’লে এই কথা সহজভাৱে লব পৰা নাই পৰিয়ালৰ লোকে।
লগতে পঢ়ক – পুত্ৰৰ চিকিৎসাৰ বাবে বিক্ৰী কৰিছে মাটি-সম্পত্তি, অসহায় পিতৃ-মাতৃয়ে বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়