বোকাখাত, উত্তম কুমাৰ শৰ্মা: দেওবাৰে বোকাখাতৰ আগশাৰীৰ প্ৰসিদ্ধ শিক্ষাবিদ তথা প্ৰতিষ্ঠিত সমাজকৰ্মী গোবিন্দ চন্দ্ৰ দলেৰ ‘নিম ফুলৰ সুগন্ধি আৰু অন্যান্য’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।
শাৰীৰিক অসুস্থতাৰ বাবে বোকাখাতৰ কৈল্যাণপুৰস্থিত নিজা বাসগৃহৰ বাকৰিতে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে তেখেতৰ বৰণ্য জীৱনৰ অভিজ্ঞতাৰ সাঁচি পুথিৰূপে পৰিগণিত গ্ৰন্থখনৰ উন্মোচন কৰা হয়।
বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰে গ্ৰন্থখন উন্মোচন কৰি কয়, ‘কৰ্ম শৃংখল ব্যক্তিৰ অন্য এক নামেই হৈছে শিক্ষাবিদ গোবিন্দ দলে।’ বোকাখাতত অনুষ্ঠিত ৬২তম অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়ত গোবিন্দ দলেৰ সহযোগিতাৰ কথা সোঁৱৰণ কৰে লেখিকা গৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থকা প্ৰায় সংখ্যক গুণমুগ্ধই শিক্ষাবিদ গৰাকীৰ দীৰ্ঘদিনীয়া সামাজিক অৱদানৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য যে ৭৯ বছৰীয়া জীৱন পৰিক্ৰমাত অসমৰ কেইবাখনো উচ্চশিক্ষাৰ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক হোৱাৰ সুনাম অৰ্জন কৰিছে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে।
১৯৪৩ চনত বোকাখাত মহকুমাৰ এক আওহতীয়া,বানপীড়িত আৰু গড়াখহনীয়া অঞ্চল ৰূপে পৰিগণিত মহুৰা মৌজাৰ মাজদলপা গাৱঁৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা গোবিন্দ দলে বোকাখাতৰ দপৰীয়া অঞ্চলৰ প্ৰথম আৰু একমাত্ৰ জনজাতীয় মেধাবী সন্তান যিয়ে তিনিবাৰকৈ মাষ্টাৰ্চ আৰু বিএড-এম এড ডিগ্ৰীধাৰী আছিল।
প্ৰয়াস অধ্যয়ন চক্ৰৰ মুখ্য সম্পাদক সোনেশ্বৰ নৰহে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে শিক্ষবিদ গৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা কবি-প্ৰবক্তা বিমান কুমাৰ দলেয়ে।
লগতে পঢ়ক – হিমন্ত বিশ্বৰ আমোলত অসমৰ মানুহৰ জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে : অজিত ভূঞা