কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহুৰামুখৰ নিকৰি বৰতলত আজি দিচৈ পৰীয়া মিচিং বাংকে কেবাংৰ উদ্যোগত নিকৰি বৰতল প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা শিক্ষা শীৰ্ষক এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ।
দিচৈ পৰীয়া বাংকে আগম কেবাংৰ সভাপতি সুৰেশ বৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত শিক্ষক যোগেশ লইঙে গ্ৰন্থখন উন্মোচন কৰে।
অনুষ্ঠানত গ্ৰন্থখনৰ লেখক খগেন পেগু মিচিং ভাষাটো অসমীয়া লিপিত লিখিলে দুই ধৰণে উচ্চাৰণ ধ্বনিৰ সৃষ্টি হোৱা হেতুকে ৰোমান লিপিত লিখিলে উচ্চাৰণ কৰিবলৈ সহজ হয় বুলি সভাত ভাষণ প্ৰসংগত মন্তব্য প্ৰদান কৰে।
সভাত মহুৰামুখ প্ৰেছ ক্লাৱৰ সভাপতি সৰুধন মৰাং, জ্যোতিস্মান লইং, দিপাংকৰ মৰাং, বন্দিতা কুম্বাং উপস্থিত থাকি মিচিং ভাষা শিক্ষা নামৰ গ্ৰন্থখনে মিচিং ভাষা শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতে ছাত্ৰ ছাত্ৰী সকলক বহুখিনি আগবঢ়াই নিব ভাষণ প্ৰসংগত উল্লেখ কৰে ।
লগতে পঢ়ক – কোকৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড; প্ৰায় ১ কোটি টকাৰ সম্পত্তি ভস্মীভূত