নিউজ ডেস্ক- অসম সন্তান অম্লান বৰগোহাঁয়ে আন্তৰ্জাতিক পর্যায়তো সকলোৰে মন মুগ্ধ কৰিছে। অম্লান বৰগোহাঁয়ে বেলজিয়ামত অনুষ্ঠিত এখন আন্তর্জাতিক প্রতিযোগিতাত ১০০ আৰু ২০০ মিটাৰ দৌৰত স্বর্ণ পদক অৰ্জন কৰে।
বেলজিয়ামৰ মেৰ্কছেমত অনুষ্ঠিত ফ্লেণ্ডাৰ্ছ কাপ ২০২৩ এথলেটিকছ মীটত তেওঁ দুয়োটা ইভেন্টতে শীৰ্ষ স্থান দখল কৰে। পুৰুষৰ ১০০ মিটাৰ দৌৰত অম্লানে ১০.৭০ ছেকেণ্ডেৰে স্বৰ্ণ পদক অৰ্জন কৰে।
উল্লেখ্য যে, দৌৰবিদ অম্লান বৰগোহাঁয়ে ১০.২৫ ছেকেণ্ডেৰে ৰাষ্ট্ৰীয় অভিলেখ প্রতিষ্ঠা কৰিছিল। প্রতিযোগিতাখনৰ ১০০ মিটাৰ দৌৰত জামাইকাৰ আঘ্ৰে এলেনে ১০.৮০ ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে বেলজিয়ামৰ ভিক্টৰ হফমেনে ১১.০১ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক লাভ কৰে।
আনহাতে, অসম সন্তান অম্লান বৰগোহাঁয়ে পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৯৬ ছেকেণ্ডেৰে সোণৰ পদক লাভ কৰে। এই ইভেন্টত হফমেনে ২১.৪২ ছেকেণ্ডেৰে ৰূপৰ পদক অৰ্জন কৰাৰ বিপৰীতে জামাইকান স্প্রিন্টাৰ ছেমুৱেল ৰ’ৱে ২১.৮৭ ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।