নিউজ ডেস্ক: ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মাচুল নিৰ্ধাৰণৰ ক্ষেত্ৰত নতুন নিয়ম আনি সোমবাৰে অসম বিধানসভাত গৃহীত হ’ল ‘The Assam Non-Government Educational Institutions (Regulation of Fees) (Amendment) Bill, 2022’ অৰ্থাৎ ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক- ২০২২।
উক্ত সংশোধনী বিধেয়কযোগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে এতিয়াৰ পৰা মাচুল নিয়ন্ত্ৰক কমিটীৰ ওচৰত প্ৰত্যেক বছৰৰ ৩১ অক্টোবৰৰ পূৰ্বে পৰৱৰ্তী শিক্ষাবৰ্ষৰ বাবে মাচুল নিৰ্ধাৰণ কৰিবলৈ আবেদন জনাব লাগিব।
তদুপৰি নতুন নিয়ম অনুসৰি প্ৰতিখন ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠান পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰাৰ লগতে মাচুল নিয়ন্ত্ৰক কমিটীৰ পৰা মাচুল নিৰ্ধাৰণ সন্দৰ্ভত প্ৰমাণপত্ৰ গ্ৰহণ কৰিব লাগিব।
যদি কোনো ব্যক্তিহত শৈক্ষিক প্ৰতিষ্ঠানে ৩১ অক্টোবৰৰ ভিতৰত আবেদন নকৰে তেন্তে তেনে প্ৰতিষ্ঠানে ১০ হেজাৰ টকাৰ জৰিমনা ভৰাৰ লগতে প্ৰতি মাহে ৫ হেজাৰ টকাকৈ ‘লেট ফাইন’ ভৰিব লাগিব বুলি সংশোধনী বিধেয়কখনত কোৱা হৈছে।
উল্লেখযোগ্য যে সম্প্ৰতি মাচুল নিয়ন্ত্ৰক কমিটীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বাবে মাচুল নিৰ্ধাৰণ কৰে। প্ৰত্যেক বছৰে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে কমিটিয়ে মাচুল নিৰ্ধাৰণ কৰে আৰু ৰাজ্য চৰকাৰে সেইমৰ্মে জাননী জাৰি কৰে।
লগতে পঢ়ক – নতুন দিল্লীৰ বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে ৰাষ্ট্ৰীয় লজিষ্টিক নীতি