নিউজ ডেস্ক- বৰ্তমানেও শান্ত হোৱা নাই মণিপুৰ। তাৰ মাজতে আজি কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশমতে অশান্তজৰ্জৰ মণিপুৰলৈ ৰাওনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা।
জানিব পৰা মতে, হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব লগতে তেওঁ ৰাজ্যখনৰ আন কেইবাজনো ৰাজনৈতিক নেতাৰ সৈতে মত বিনিময় কৰিব।
উল্লেখ্য যে, বিগত তিনি মে’ত মণিপুৰত মেইটইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদানক কেন্দ্ৰ কৰি হিংসাৰ সূত্ৰপাত হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে ৰাজ্যখনৰ পৰিস্থিতি শান্ত হোৱা নাই। মণিপুৰৰ এই হিংসাত্মক ঘটনাত শতাধিক লোকৰ মৃত্যু হৈছে।
এনে পৰিস্থিতিৰ বুজ লবলৈ আজি পৰিস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনলৈ যাব।