ধেমাজি, অংকুৰ নৰহ: মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১২২০ কোটি টকাৰ আঁচনি লৈ ধেমাজিত উপস্থিত হয়। ৰাজ্য চৰকাৰৰ বিকাশৰ বাবে এপষেক কাৰ্যসূচীৰ অধীনত আজি দিনটোত জিলাখনত একেদিনাই এনে বিশাল ধনৰাশিৰ আঁচনিৰ কামৰ শুভাৰম্ভ কৰে।
মুখ্য মন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা আঁচনিসমূহৰ ভিতৰত আছে ৬০৫.২৪ কোটি টকা ব্যয় সাপেক্ষ ধেমাজি চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আন্তঃগাঠনি প্ৰকল্প, ৪৯.৮৯ কোটি টকা ব্যয় সাপেক্ষ সংহত জিলা উপায়ুক্তৰ কাৰ্যালয়, দেউৰীবিলত নিৰ্মাণ হ’বলগীয়া ৫০.৫৩ কোটি টকা ব্যয় সাপেক্ষ জিলা ষ্টেডিয়াম, চিলাপথাৰত নিৰ্মাণ হবলগীয়া ১২.৩৬ কোটি টকা ব্যয় সাপেক্ষ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প, ২৭৩.৫০ কোটি টকা ব্যয় সাপেক্ষ ঢকুৱাখানা-বুটিকোৰ-তেলীজান পথ নিৰ্মাণ, ৪৯.৪৯ কোটি টকা ব্যয় সাপেক্ষ অকাজান লিকাবালি-নিলখ পথ নিৰ্মাণ আদিয়েই প্ৰধান।
এই উপলক্ষে ধেমাজি কাছাৰী ময়দানত দিনৰ ১১ বজাত বিশাল জনসভাৰ আয়োজন কৰা হৈছে। তাতেই তেওঁ একেলগে এই আঁচনি কেইখনৰ শিলান্যাস, ভূমিপূজন বা উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ৰণোজ পেগু, ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ, সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভূৱন পেগু।
মুখ্য মন্ত্ৰীয়ে এই ভ্ৰমণকালতে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত স্থাপন কৰা বীৰ লাচিতৰ প্ৰতিমূৰ্ত্তি এটাও উন্মোচন কৰে।
লগতে পঢ়ক – কোভিড-১৯ঃ ভাৰতীয় সেনাৰ নতুন SOP