কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁৱৰ কচুপথাৰ চৌকনা বিলত দেখা গ’ল এক বিৰল দৃশ্য। হাতে হাতে জাকৈ, খালৈ, পল, চেপা, খ’খা, জাল আদি লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিত মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চল।

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় দহখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি পৰম্পৰাগতভাৱে ব্যাপক আনন্দ উল্লাসৰ মাজেৰে সমূহীয়া মৎস্য চিকাৰণ নামে।

এনেদৰে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সমবেত হোৱা ৰাইজে কমাৰগাঁৱৰ কচুপথাৰৰ চৌকনা বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে।

বৃহত্তৰ অঞ্চলটোৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিলৰ পানীত নামি ৰং ধেমালিৰ মাজেৰে সমূহীয়াকৈ মাছ ধৰাৰ অপূৰ্ব দৃশ্য ঐক্য সংহতিৰ এক বিৰল নিৰ্দশন দাঙি ধৰে।

লগতে পঢ়ক – যান-বাহন আৰক্ষীক বৰ্বৰতা ঘটনাক লৈ দ্বিতীয়জন আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যবস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply