কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহুৰামুখৰ নামটেমেৰা গাঁৱত থকা নামটেমেৰা বিলত আজি গাঁওখনৰ ৰাইজে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি সমূহীয়াকৈ নামিল মৎস্য চিকাৰত।
গাঁওখনৰ দুই শতাধিক পুৰুষ মহিলাই হাতে হাতে জাকৈ, খালৈ, পল, চেপা, খ’খা, জাল আদি লৈ মাছ ধৰিবলৈ নমা অগণন লোকৰ উপস্থিতিৰে মুখৰিত হৈ পৰিল সমগ্ৰ অঞ্চল।
বৃহত্তৰ অঞ্চলটোৰ মিচিং সম্প্ৰদায় লোকসকলে আজি পৰম্পৰাগতভাৱে ব্যাপক উচাহ উদ্দীপনাৰ মাজেৰে বিলত নামি ধৰিলে ৰৌ, কুহি, বৰালিৰ লগতে পুঠি, কাৱৈ, গৰৈ আদি থলুৱা মাছ ধৰে।
বানে গৰকা নামটেমেৰা বিলত মাছ ধৰি অঞ্চলটোৰ ৰাইজে পৰম্পৰাক জীপাল কৰি তুলিলে। আনকি বহু কেইজন লোকে বিলৰ পাৰতেই বিহুগীত গাই আৰু নাচ-গানেৰে এক আনন্দময় পৰিবেশৰ সৃষ্টি কৰে।
লগতে পঢ়ক – আনন্দ মিশ্ৰক সহকাৰী আৰক্ষী মহা পৰিদৰ্শকৰ (ক্ৰীড়া)দায়িত্ব অৰ্পন