নিউজ ডেস্ক: মঙলবাৰে অসম আৰক্ষীয়ে দুটা পৃথক অভিযান চলাই ৰাজ্যৰ মাজেৰে চোৰাংকৈ অনা ৫০০ কিলোগ্ৰামতকৈ অধিক ওজনৰ নিষিদ্ধ ড্ৰাগছ জাতীয় সামগ্ৰী জব্দ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী আৰু কাৰ্বি আংলং জিলাত চলোৱা দুটা অভিযানত ৬জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

গুৱাহাটীৰ গোৰচুকত এখন ট্ৰাকৰ পৰা প্ৰায় ৩-ৰ পৰা ৩.৫ কোটি টকাৰ গাঞ্জা উদ্ধাৰ কৰা হয় বুলি যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সাংবাদিকক জানিবলৈ দিয়ে।

“ত্ৰিপুৰাৰ পৰা আহি থকা এখন ট্ৰাকৰ পৰা আমি ড্ৰাগছখিনি উদ্ধাৰ কৰো,” তেওঁ কয়। ঘটনা সন্দৰ্ভত বিহাৰৰ চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে, কাৰ্বি আংলং জিলাৰ বোকাজানত চলোৱা আন এক অভিযানত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলে আজি পুৱা দালাই তিনিআলীৰ এটা চেক পোষ্টত নাগালেণ্ডৰ পৰা অহা এখন ট্ৰাকত তালাচী চলাই ১৮ কেজি ওজনৰ আফিং জব্দ কৰে।

১৯ টা পেকেটত লুকুৱাই অনা ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰত মূল্য ১০ লাখতকৈ অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

উক্ত অভিযানত মণিপুৰৰ সেনাপতি জিলাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে লগতে জনায়।

লগতে পঢ়ক – মঙলদৈত উদ্ধাৰ তিনিটা বাঘৰ পোৱালি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply