শিলচৰ: কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তত সোমবাৰে নিশা আৰক্ষীয়ে এখন বাহনৰ পৰা প্ৰায় ৩৫ লাখ টকাৰ কফ চিৰাপ জব্দ কৰাৰ লগতে বাহনখনৰ চালক গৰাকীক গ্ৰেপ্তাৰ কৰে।

প্ৰাপ্ত তথ্য মতে সোমবাৰে নিশা প্ৰায় ৯ বজাত শিলচৰৰ পৰা প্ৰায় ১১০ কিঃমিঃ নিগলৰ চুৰাইবাৰীত আৰক্ষীয়ে এক নিয়মীয়া তালাচী চলাই থকা সময়ত গুৱাহাটীৰ পৰা আগৰতলা অভিমুখী AS-01 MC-0386 নম্বৰৰ এখন বাহনৰ পৰা উক্ত কফ চিৰাপখিনি জব্দ কৰা হয়।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে বাহনখনৰ ভিতৰত ৯৭টা বেগত ১০,১৫৫ টা কফ চিৰাপৰ বটল ভৰাই অনা হৈছিল। ধৃত গাড়ীচালক গৰাকীক কামৰূপৰ বকোৰ নালাপাৰা গাঁৱৰ আদিত্য ৰাভা বুলি চিনাক্ত কৰা হৈছে।

চুৰাইবাৰী আৰক্ষী চকীৰ এগৰাকী বিষয়াই জনোৱা মতে জব্দ কৰা কফ চিৰাপখিনিৰ বজাৰ মূল্য প্ৰায় ৩৫ লাখ টকা হ’ব।

লগতে পঢ়ক – জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ লাঠীচালনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply