তিনিচুকীয়া: আজি পুৱা ডিব্ৰুগড় নগৰৰ এক বজাৰ অঞ্চলত সংঘটিত এক ভংয়কৰ অগ্নিকাণ্ডত প্ৰায় ২০ খনতকৈ অধিক দোকান ভস্মীভূত হয়।
জানিব পৰা মতে ডিব্ৰুগড় নগৰৰ নিউ মাৰ্কেট অঞ্চলত সংঘটিত উক্ত অগ্নিকাণ্ডত কেইবাখনো কাপোৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় যদিও কোনো লোক হতাহত হোৱা নাই।
অগ্নিকাণ্ডত কেইবা কোটি টকাৰ সম্পত্তি ধ্বংস হোৱা বুলি জানিবলৈ দি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ইষ্টম’জ’ক কয় যে প্ৰাথমিক তদন্তত এখন দোকানত শ্বৰ্ট চাৰ্কিতৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি অনুমান কৰা হৈছে।
অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছত অইল ইণ্ডিয়া লিমিটেড, চাবুৱাস্থিত বায়ু সেনা, বি চি পি এলৰ কেইবাখন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ কেইবা ঘণ্টা ধৰি অভিযান চলাই জুই নুমুৱাবলৈ সক্ষম হয়।
লগতে পঢ়ক – দেৰগাঁৱৰ নাহৰণিত ব্যক্তি সন্ধানহীন