গুৱাহাটী: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া ডি জি পি ভাস্কৰ জ্যোতি মহন্তৰ। ৰেগিঙৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব অসম আৰক্ষী। ইতিমধ্যে মুখ্য মন্ত্ৰীয়ে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে অসম আৰক্ষীক।
সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে কয়, ‘’এইবাৰ কেৱল জগৰীয়া কৰি এৰি দিয়া নহ’ব। প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰী। সভ্য সমাজত ৰেগিঙৰ কোনো স্থান নাই, ইয়াক সহ্য কৰা নহ’ব।‘’
আনহাতে, পাঞ্জাবাৰীৰ ৰঞ্জিত বৰা হত্যাকাণ্ড সন্দৰ্ভতো মুখ খুলিলে ডি জি পি গৰাকীয়ে। গুৱাহাটীত সংঘটিত বিভিন্ন অপৰাধৰ পৰ্যালোচনা কৰিবলৈ ইতিমধ্যে বিশেষ বৈঠকৰ আয়োজন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
শনিবাৰে আৰক্ষী মূখ্য কাৰ্যালয়ত কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া উক্ত বৈঠকত চুবুৰীয়া জিলা তথা ৰাজ্যৰ সকলো শীৰ্ষ আৰক্ষী বিষয়া থাকিব বুলি তেওঁ কয়।
গুৱাহাটীত অপৰাধ সংঘটিত কৰা অপৰাধীয়ে চুবুৰীয়া জিলাত বাহৰ পাতিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি ডি জি পি ভাস্কৰ জ্যোতি মহন্তই উক্ত বৈঠকৰ আহ্বান কৰা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
লগতে পঢ়ক – গুৱাহাটীৰ ৰাজপথত চলিব CNG বাছ