ঢকুৱাখনা : ঢকুৱাখনা সদৰ থানাত এইবাৰ সোণৰ বিস্কুটৰ উজান উঠিছে। মাত্ৰ দুটাদিনৰ ভিতৰত ঢকুৱাখনা সদৰ থানাৰ জিম্মালৈ আহিছে মুঠ ৫ টাকৈ সোণৰ বিস্কুট।

অৱশ্যে ইয়াৰে ২ টা সোণৰ বিস্কুট নকল। ৩ টাহে বিস্কুট প্ৰকৃত সোণৰ বুলি চিনাক্ত কৰণ কৰা হৈছে।

পৰীক্ষণ কালত ৩টা বিস্কুট প্ৰকৃত সোণৰ আৰু অন্য দুটা নকল অৰ্থাৎ লৌহ পদাৰ্থত সোণৰ প্ৰলেপ দি জালিয়াতিৰে প্ৰস্তুত কৰা বুলি চিহ্নিত হৈছে।

প্ৰাপ্ত তথ্য মতে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নগৰৰ মাজ মজিয়াত অৱস্থিত কল্পতৰো কম্প্লেক্সত যোৱা ১২ মাৰ্চৰ পুৱা এক গোপন সূত্ৰৰ পম খেদি ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা ,সদৰ থানাৰ অচি মণ্টুৰাম বৰা , জ্যেষ্ঠ উপ পৰিদর্শক দীনেশ মেধিয়ে অভিযান চলাই দুটা অবৈধ,নথি পত্ৰ বিহীন আৰু কৰ ফাঁকিৰে সৰবৰাহ কৰা প্ৰায় ৩৩২ গ্ৰাম ১২০ মিলি ওজনৰ দুটা সোণৰ বিস্কুট উদ্ধাৰ কৰিছিল সৰবৰাহকাৰী আয়ুব আলিৰ পৰা।

কোনো ধৰণৰ বৈধ নথি পত্ৰ নথকা চোৰাং ভাবে সৰবৰাহ কৰা সোণৰ বিস্কুট সহ আৰক্ষীয়ে আটক কৰিছিল আলিক। পাছত ঢকুৱাখনা আৰক্ষীক ধৃত সোণ সৰবৰাহকাৰী আয়ুব আলিয়ে প্ৰদান কৰা স্বীকাৰুক্তিৰ ভিত্তিত উক্ত দিনাই ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, ঢকুৱাখনা সদৰ থানাৰ জ্যেষ্ঠ উপ পৰিদর্শক তথা গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া দীনেশ মেধিয়ে তদন্ত চলাবলৈ যোৱা ১২ মাৰ্চৰে নিশা উপস্থিত হয় বৰপেটা জিলাৰ সদৰত সোণৰ বিতৰক বিশেষ জুৱেলাৰীখনত ।

ধৃত সৰবৰাহকাৰী আয়ুব আলিক লৈ ঢকুৱাখনা আৰক্ষীৰ অভিযানকাৰী দলটোৱে বৰপেটাৰ উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানত চলোৱা অনুসন্ধান কালত উক্ত প্ৰতিষ্ঠানখনে গুৱাহাটীৰ এখন জুৱেলাৰী প্ৰতিষ্ঠানৰ পৰা সোণ সংগ্ৰহ কৰাৰ প্ৰামানিক তথ্য লাভ কৰে ।

অবৈধ সোনৰ চোৰাং বেহাৰ উৎস সন্দৰ্ভত নিৰন্তৰ অনুসন্ধান চলাই ঢকুৱাখনাৰ পৰা যোৱা তদন্তকাৰী আৰক্ষীৰ দলটো উক্ত দিনা নিশাই উপস্থিত হয় গুৱাহাটীৰ ফাঁচি বজাৰত অৱস্থিত উমেছ বাবম হাসবেৰ প্ৰতিষ্ঠিত জুৱেলাৰী দোকানত। উক্ত জুৱেলাৰী প্ৰতিষ্ঠানত চলোৱা অভিযান কালত আৰক্ষীৰ দলটোৱে জুৱেলাৰী প্ৰতিষ্ঠানটোৰ পৰা দুটা নকল সোণৰ বিস্কুট আৰু এটা প্ৰকৃত সোণৰ বিস্কুট উদ্ধাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দকৃত প্ৰকৃত সোণৰ বিস্কুটটোৰ ওজন ৫৬ গ্ৰাম ৮৮০ মিলি । ইয়াৰ মূল্য আজিৰ দিনত প্ৰায় প্ৰায় ৩ লাখ ৭ হাজাৰ ১৫৩ টকা হ’ব। ইপিনে ওপৰত সন্দেহযুক্ত সোণৰ প্ৰলেপ দিয়া নকল সোণৰ বিস্কুট দুটাৰ ওজন হ’ব ক্ৰমে ৯৪ গ্ৰাম ৫২০ মিলিগ্ৰাম আৰু ৯৫ গ্ৰাম ৬৩৯ মিলিগ্ৰাম। পাছত গুৱাহাটীস্থ জুৱেলাৰীখনৰ স্বত্বাধিকাৰী হাসবে গুৱাহাটীত উপস্থিত নথকাত দোকানখনৰ কৰ্মচাৰীক আটক কৰি ঢকুৱাখনা লৈ উভটি আহে তদন্তকাৰী দলটো।

সোমবাৰে আহি ঢকুৱাখনাত উপস্থিত হোৱা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ /৪১১ /৪২০ /৩৪ ধাৰাৰ অধীনত এক গোচৰ (নং- ৪৬ /২০২২) পঞ্জীভূত কৰে । এই গোচৰৰ ভিত্তিত বৰপেটা জিলাৰ বাণীয়েৰা পাৰা গৰৈমাৰীৰ ফজল হকৰ পুত্ৰ আয়ুব আলি(২৯), কামৰূপ মেট্ৰো জিলাৰ ভৰলুমুখ থানাৰ পূৰ্বালী পথৰ শান্তিপূৰৰ হাউচ নং বি ১৩ৰ বাসিন্দা মহাদেৱ হৰি সাৱন্তৰ পুত্ৰ প্ৰবীণ মহাদেৱ সাৱন্ত (৩১), বৰপেটা জিলাৰ বাণীয়েৰা পাৰা গৰৈমাৰীৰ লিয়াকত আলিৰ পুত্ৰ আমিন হুছেইন(২৫), বৰপেটা জিলাৰ মংগলী পাৰাৰ ইণ্টাছ আলিৰ পুত্ৰ সমিন আলি (৩৬), বৰপেটা বাণীয়েৰা পাৰাৰ প্ৰয়াত মুঙ লামীয়াৰ পুত্ৰ চুলেমান আলিৰ (৪০) ক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে সোমবাৰে বিয়লি ধৃত ৫ গৰাকী অভিযুক্তক স্বাস্থ্য পৰীক্ষা আৰু কোভিড পৰীক্ষা সম্পন্ন কৰি ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক – বিশ্বনাথৰ জিনজিয়াত অগ্নিকাণ্ড ৭ লক্ষ্যাধিক টকাৰ সম্পত্তি ভস্মীভূত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply