নিউজ ডেস্ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চাৰিজন ছাত্ৰৰ বিৰুদ্ধে শাস্তিৰ নিৰ্দেশ জাৰি কৰিছে।

আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জিয়কে জাৰি কৰা এক নিৰ্দেশত M.Com প্ৰথম ছেমিষ্টাৰৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং গোচৰত অভিযুক্ত চাৰিজন ছাত্ৰক বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ নিষেধ কৰাৰ লগতে দণ্ডাধীশ পৰ্যায়ৰ আৰু প্ৰতিষ্ঠানিক তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সকলো ধৰণৰ বিদ্যায়তনিক সুবিধাৰ পৰা নিলম্বন কৰা হৈছে বুলি কোৱা হয়।

নিলম্বিত ছাত্ৰ কেইজন হৈছে – প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ দিব্যজ্যোতি গগৈ, ৰাজনীতি বিজ্ঞান বিভাগৰ শুভ্ৰজিত বৰুৱা, চেণ্টাৰ ফৰ ষ্টাডিজ ইন ফিজিকেল এডুকেচন এণ্ড স্পৰ্টছৰ নিৰঞ্জণ ঠাকুৰ আৰু ইতিহাস বিভাগৰ কল্যাণ দত্ত। আটাইকেইজনে তৃতীয় ছেমিষ্টাৰৰ ছাত্ৰ।  

উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ ‘’নিৰ্মম ৰেগিঙৰ পৰা বাচিবলৈ’’ সোমবাৰে এজন ছাত্ৰই এটা দুমহলীয়া হোষ্টেলৰ বিল্ডিঙৰ পৰা জঁপিয়াই বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।

ঘটনা সংক্ৰান্তত সোমবাৰে বিশ্ববিদ্যালয়খনৰ তিনিজন ছাত্ৰক গ্ৰেপ্তাৰ কৰা হয়। 

লগতে পঢ়ক – ৰাজ্যত দুটা পৃথক অভিযানত ৩ কোটিতকৈ অধিক মূল্য ড্ৰাগছ জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply