নিউজ ডেস্ক – এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে আয়োজন কৰা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ওলোৱাৰ পূৰ্বে ধনৰ লেনদেনৰ অভিযোগ উত্থাপন হৈছে। তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা নিযুক্তি পৰীক্ষাৰ গাড়ীচালকৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’বলৈ বাকী থকাৰ সময়তেই এজন যুৱকৰ এটা টুইটে হাহাকাৰ লগাইছে৷ চাকৰিৰ নামত ধন বিচৰাৰ অভিযোগ তুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানলৈ টুইট কৰিছে ভিক্টৰ দাস নামৰ যুৱক এজনে৷ টুইটটোত যুৱকজনে লিখিছে, এটা ল’বীয়ে শেহতীয়াকৈ অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ প্ৰাৰ্থীক পিচ দুৱাৰেদি চাকৰি দিয়াৰ নামত ধন দাবী কৰি আছে৷ পদ অনুসৰি ফোনযোগে ৩ ৰ পৰা ৮ লাখ টকা পৰ্যন্ত দাবী কৰিছে ল’বীটোৱে৷ এই কাণ্ডত কোনো প্ৰাক্তন বিধায়কো জড়িত হৈ আছে৷
উল্লেখ্য যে যুৱকজনে টুইটটোত অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান, মুখ্যমন্ত্ৰী আৰু বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। ইয়াৰ পিছতে তাৎক্ষণিক সঁহাৰি প্ৰদান কৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে যুৱকজনক নিৰ্দ্দিষ্টকৈ প্ৰমাণসহ তথ্য যোগান ধৰিবলৈ কয় যুৱকজনক। অৱশ্যে জানিব পৰা মতে, এই পৰ্যন্ত কোনো তথ্য দাখিল কৰিব পৰা নাই যুৱকজনে।
স্মৰ্তব্য যে, বিগত ২১ আগষ্ট, ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত আয়োজন কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ইতিমধ্যে দুটা পৰ্যায়ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে। অহা ১১ ছেপ্টেম্বৰত তৃতীয়টো অৰ্থাৎ গাড়ীচালকৰ পদৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ মাজতেই প্ৰকাশ পোৱা এই টুইটটো অনাগত পৰীক্ষাত বহিবলগীয়া প্ৰাৰ্থীসকলক মানসিকভাৱে হতাশ কৰি তুলিছে। লগতে চাকৰি প্ৰত্যাশী লাখ লাখ প্ৰাৰ্থীয়েও হতাশাত ভুগিবলগীয়া হৈছে।
উল্লেখ্য যে বিগত দুয়োটা দিনতে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছিল৷ শেহতীয়া দুয়োটা পৰীক্ষাৰ সময়ত ইন্টাৰনেট সেৱা কৰ্তনৰ লগতে পৰীক্ষাৰ্থীক তন্ন তন্নকৈ নিৰীক্ষণ কৰিহে পৰীক্ষা হলত সোমাবলৈ দিয়া হৈছিল৷ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত নিয়োগ কৰা হৈছিল আৰক্ষীৰ দল৷ কিন্তু তাৰ পাচতো এটা চক্ৰই এইদৰে দুৰ্নীতি সংঘটিত কৰিব খোজা বিষয়টোক লৈ বৰ্তমান চৰ্চা আৰম্ভ হৈছে৷ মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষ্যনীয় বিষয়৷