নিউজ ডেস্ক: অসমত পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হ’ল সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা। ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি পৰ্য্যালোচনাৰ অন্তত অসম চৰকাৰে অহা ৬ মাহৰ বাবে পুনৰ ৰাজ্যখনক ‘অশান্ত অঞ্চল’ হিচাপে ঘোষণা কৰে।
যোৱা ২৮ ফেব্ৰুৱাৰীত এক নিৰ্দেশৰ জৰিয়তে কোৱা হয় যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ধাৰা ৩ৰ অধীনত ৰাজ্যখনক ‘অশান্ত অঞ্চল’ ঘোষণা কৰা হয়।
উল্লেখযোগ্য যে ১৯৯০ চনৰ পৰা অসমত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাহাল হৈ আহিছে। ইয়াৰ পূৰ্বে বিগত বৰ্ষৰ ছেপ্টেম্বৰত আইনখনক ৬ মাহৰ বাবে অসমত বৃদ্ধি কৰা হৈছিল।
গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২০-২১ বৰ্ষত অসমত আটাইতকৈ কম, ১৫ টা, উগ্ৰপন্থীজনিত ঘটনা সংঘটিত হৈছে।
লগতে পঢ়ক – মহানগৰীত পথ দুৰ্ঘটনা:গুৰুতৰ ভাৱে আহত তিনিজন