বোকাখাত, উত্তম কুমাৰ শৰ্মা: দেওবাৰে বোকাখাতৰ নুমলীগড়ত ড্ৰাগছসহ ৭ জন লোকক আটক কৰে আৰক্ষীয়ে।
বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে নুমলীগড় তিনিআলিৰ পৰা AR60 GD5060 নম্বৰৰ এখন ট্ৰাকসহ আটক কৰে লোক কেইজনক। ড্ৰাগছ সৰবৰাহৰ লগতে ড্ৰাগছ সেৱনৰ সৈতে লোক কেইজন জড়িত বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
ধৃত লোক কেইজনক নুমলীগড়ৰ আশ্বিক আলী, দিপক ৰাজবংশী, জমীৰুল আলী, নুমলীগড় ধোদাঙৰ পবিত্ৰ হাজৰিকা, নুমলীগড় ৰৌদুৱাৰৰ বিপুল কছাৰী আৰু গাড়ীখনৰ ড্ৰাইভাৰ তথা হেণ্ডিমেন ক্ৰমে সোণাপুৰৰ আলম আলী আৰু আকবৰ আলী বুলি চিনাক্ত কৰা হৈছে।
গাড়ীখনৰ চালক আৰু হেণ্ডিমেনৰ পৰা উদ্ধাৰ কৰা হৈছে ৩ টাকৈ ড্ৰাগছৰ কন্টেনাৰসহ ১৮ টা গাঞ্জাৰ পেকেট।
উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগতে মণিপুৰৰ পৰা তেল পৰিবাহী টেংকাৰ তথা মালবাহী ট্ৰাক আদিত দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহ হৈ থকাৰ সমান্তৰালকৈ ড্ৰাগছ সেৱনৰ ঘাটিত পৰিণত হৈছে ঐতিহাসিক নুমলীগড় অঞ্চল।
এই চক্ৰৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সন্দেহত অভিযান তীব্ৰতৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে।
লগতে পঢ়ক – কাইলৈ ঘোষণা হ’ব HSৰ ফলাফলঃ এইকেইটা ৱেবছাইটত লাভ কৰিব ৰিজাল্ট