হোজাই: হোজাই আৰক্ষীয়ে এক অভিযান চলাই অলপতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিত দুৱৰাই জানিবলৈ দিয়া অনুসৰি শনিবাৰে সন্ধিয়া এক বিশেষ সূত্ৰৰ পম খেদি হোজাই টেলিবস্তিৰ পৰা ড্ৰাগছসহ আৰক্ষীয়ে দুজন লোকক আটক কৰে।

আটকাধীন লোক দুজনক ডবকাৰ আব্দুল চালাম(৩৪) আৰু হোজাইৰ ইজাজুল হক(১৮) বুলি চিনাক্ত কৰা হৈছে। ধৃত যুৱক দুজনে ট্ৰেইনত ডিমাপুৰৰ পৰা হোজাইলৈ আহি থকা অৱস্থাত ড্ৰাগছসহ তেওঁলোকক আটক কৰা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ৭৬০ গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় তিনিৰ পৰা চাৰি কোটি টকা হ’ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জনায়।

বৰ্তমান ধৃত যুৱক দুজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক – বোকাখাতৰ গড়মুৰত চোৰে লুটি নিলে নগদ ধন, সোণৰ আ-অলংকাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply