ডিফু: অসম আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতিবাৰে নিশা কাৰ্বি আংলঙত দুখন ট্ৰাকৰ পৰা প্ৰায় ৭ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
শুকুৰবাৰে এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৰ খটখটিত তালাচী অভিযান চলাই দুখন ট্ৰাকৰ পৰা ড্ৰাগছসহ লোককেইজনক গ্ৰেপ্তাৰ কৰে।
“অভিযানৰ সময়ত, আমি নাগালেণ্ডৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাকৰ পৰা ৩০,০০০ য়াবা টেবলেট, আৰু মণিপুৰৰ নম্বৰ প্লেট থকা আন এখন ট্ৰাকৰ পৰা ৫৫ টা চাবোনৰ কেছত ভৰ্তি ৭৫৭.১৫ গ্ৰাম হেৰোইন জব্দ কৰা হয়,” তেওঁ কয়।
জব্দ কৰা টেবলেট আৰু হেৰোইনখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৭ কোটি টকা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।
ঘটনা সন্দৰ্ভত তিনিজন লোকক গ্ৰেপ্তাৰ হয়। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত অসম আৰক্ষীক অভিনন্দন জনায়।
লগতে পঢ়ক – নৱবৰ্ষত অসমবাসীয়ে উপভোগ কৰিবলৈ পাব প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ