বোকাখাত, উত্তম কুমাৰ শৰ্মা‌: কেন্দ্ৰীয় চৰকাৰৰ জনস্বাৰ্থ আৰু জাতীয় স্বাৰ্থ বিৰোধী নীতিৰ বিৰোধিতাৰে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীৰ জাতীয় ফেডাৰেচন সমূহৰ আহ্বানৰ লগতে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ সমৰ্থনত ২৮আৰু ২৯ মাৰ্চৰ দেশজোৰা সাধাৰণ ধৰ্মঘটৰ লগত সংগতি ৰাখি বোকাখাতত বিদ্যুৎ বিভাগৰ কৰ্মচাৰী সকলে কৰ্মবিৰতি পালনেৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

বিদ্যুৎ সংশোধনী বিধেয়ক-২০২১ বাতিল, ৰাষ্ট্ৰীয় খণ্ডৰ ব্যক্তিগতকৰণ বন্ধ কৰা, পুৰণি পেঞ্চন নীতি বাহাল কৰা, অস্থায়ী কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, চাবষ্টেচন আউটচোৰ্ছিং বন্ধ কৰা আদি বিভিন্ন দাবীত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীৰ জাতীয় ফেডাৰেচন সমূহৰ আহ্বানত ২৮ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ দেশজুৰি পালন কৰা হৈছে দুদিনীয়া সাধাৰণ ধৰ্মঘট কাৰ্যসূচী।

বিদ্যুৎ কৰ্মচাৰীৰ আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিয়ে এই ধৰ্মঘটৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ সৰ্বসন্মতিমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই ৰাজ্যৰ সৰ্বত্ৰে ধৰ্মঘট কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছে বিদ্যুৎ কৰ্মচাৰী সকলে।

ক’অৰ্ডিনেচন কমিটি অৱ ইলেক্ট্ৰিচিটী এমপ্লইজ ইঞ্জিনিয়াৰৰ্চ এণ্ড পেঞ্চনাৰ্চ ৰাষ্ট্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ নিৰ্দেশত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বোকাখাততো সোমবাৰ আৰু মঙলবাৰে পুৱা ১০ বজাৰ পৰা দিনৰ ১২ বজালৈ বোকাখাতৰ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ৰ সম্মুখত ব্যাপক প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচীৰ জৰিয়তে সকলো বিষয়া-কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাৰ লগতে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ইফালে সাধাৰণ নাগৰিকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুতৰ যোগান অব্যাহত ৰাখিবলৈ উৎপাদন কেন্দ্ৰ, কন্ট্ৰোল ৰূম, চিফ্ট ডিউটি আৰু ৰাজহ সংগ্ৰহত জড়িত কৰ্মচাৰীসকলক এই কাৰ্যসূচীৰ পৰা ৰেহাই
দিয়া হৈছে বুলি বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলে জানিবলৈ দিয়াৰ লগতে চৰকাৰৰ এই স্থিতি অটুত থাকিলে অনাগত দিনত সাধাৰণ নাগৰিকৰ বিদ্যুতৰ মৌলিক অধিকাৰ ৰক্ষাৰ লগতে ৰাজ্যৰ ৰাজহুৱা বিদ্যুৎ খণ্ডৰ ৰক্ষাৰ স্বাৰ্থত ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে বিভাগটোৰ বিষয়া-কৰ্মচাৰী সকলে।

লগতে পঢ়ক – পাব্লিক আৰ্ট, বৃহৎ নদী বান্ধ আৰু নীলিম মহন্তৰ গ্ৰেপ্তাৰ; অংগ আৰ্ট কালেক্টিভৰ বিবৃতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply