মঙলদৈ, প্ৰবীণ বৰুৱা: মোৱামাৰী গাওঁ পঞ্চায়তৰ শাসকীয় দলৰে পঞ্চায়তৰ সভাপতি, কাউন্সিলাৰক দেখা গ’ল ভূ মাফিয়াৰ ৰূপত। খোদ পঞ্চায়তৰ সভাপতি আৰু কাউন্সিলাৰৰ উপস্থিতিতে এদল মহিলাক লগত লৈ এটা দুখীয়া নিচলা অসহায় পৰিয়ালক  ঘৰ দূৱাৰ ভাঙি উলিয়াই দিলে ঘৰৰ পৰা।

ভাঙি পেলালে ঘৰৰ বয় বস্তু, মেটেকাৰে ভড়া খালত দলিয়াই দিলে কন কন ছাত্ৰ-ছাত্ৰীৰ কিতাপ-বহী, স্কুলৰ বেগ। উপায়হীন পৰিয়ালটোৱে কন কন শিশু দুটি লগত লৈ এতিয়া দিন কটাইছে মুকলি আকাশৰ তলত।

এয়া মোৱামাৰী গাঁও পঞ্চায়তৰ এলেকাৰ অমানৱীয় ঘটনা। একেখন গাঁও পঞ্চায়তত মাত্ৰ কিছুদিন পূৰ্বে এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীয়ে এটা ঘৰৰ বাবে মুখ্য মন্ত্ৰীক আবেদন কছিল আৰু মূখ্য মন্ত্ৰীৰ নিৰ্দেশত পঞ্চায়তৰ সভাপতিয়ে তৎকালীনভাৱে ছাত্ৰীগৰাকীৰ ঘৰত প্ৰধানমন্ত্ৰী আভাস গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে।

কিন্তু ইয়াৰ বিপৰীতে একেগৰাকী পঞ্চায়তৰ সভাপতি ৰেখা বিশ্বাসৰ   নিৰ্দেশতেই এগৰাকী অসহায় মহিলাৰ ওপৰত ভূ-মাফিয়াই চলালে। অভিযোগ অনুসৰি সভাপতি গৰাকীয়ে এদল মহিলা লগত লৈ অসহায় পৰিয়ালটিক নিজৰ ঘৰৰ পৰা জোৰ-জুলুম কৰি উলিয়াই ঘৰটোত আন মানুহক সুমুৱাই দিয়ে।

যি সময়ত বিজেপিয়ে মানবতাৰ জয় গানৰ কথা কৈ জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা চলাই আছে তেনে সময়ত দলটোৰ এনেধৰণৰ কৰ্মকাণ্ডই কি ইংগিত বহন কৰিছে সেয়া লক্ষ্যণীয়।

লগতে পঢ়ক – মাৰ্ঘেৰিটা বৰগোলাইত ড্ৰাগছসহ দুজন যুৱক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,599 other subscribers

Leave a comment

Leave a Reply Cancel reply