টীয়ক: ৰাজ্যৰ বিভিন্ন ঠাইত সোপাধৰাক লৈ সৃষ্টি হৈ থকা আতংকৰ মাজতে আজি পুৱা টীয়কৰ উমাবাৰী চাহ বাগিছাৰ খেৰনী অঞ্চলত কেইবাজনো ফেৰীৱালাক স্থানীয় লোকে সোপাধৰাৰ সন্দেহত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে।

প্ৰাপ্ত তথ্য মতে, আন দিনাৰ দৰে আজি পুৱা টীয়ক কাকজান মৰিয়াগাঁৱৰ কেইগৰাকীমান ফেৰীৱালাই সামগ্ৰী বিক্ৰীৰ কৰিবলৈ উক্ত অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হয়।

বহু কেইজন ফেৰীৱালাক একেলগে গাঁৱৰ মাজেৰে গৈ থকা দেখি একাংশ স্থানীয় লোকৰ তেওঁলোকৰ ওপৰত সোপাধৰা বুলি সন্দেহ ওপজে।

প্ৰথমে লোক কেইজনক স্থানীয় লোকে সোধা-পোচা কৰে যদিও পিছত ইয়াৰে কেইজন মান উত্তেজিত লোকে তেওঁলোকৰ পৰা পৰিচয় পত্ৰ বিচাৰে, ইয়াৰ অন্যথা তেওঁলোকক প্ৰাণে মৰা ভাবুকি দিছিল বুলি লোক কেইজনে অভিযোগ কৰে।

ইয়াৰ উপৰি নিজকে গাঁওৰক্ষী বাহিনীৰ সদস্য বুলি চিনাকি দিয়া কেইজনমান লোকে তেওঁলোকৰ পৰিচয় কাৰ্ড ভাঙি পেলোৱাৰ লগতে প্ৰহাৰ কৰিবলৈ আগবাঢ়ি আহিছিল বুলি তেওঁলোকে কয়।

অৱশ্যে ফেৰীৱালা কেইজনে কোনো মতে সেই স্থানৰ পৰা পলায়ন কৰি টীয়ক আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে আৰু আৰক্ষীক উচিত ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনায়।

লগতে পঢ়ক – বায়ুসেনাৰ কেডেটৰ মৃতদেহ উদ্ধাৰ; ৬জন বিষয়াৰ বিৰুদ্ধে হত্যাৰ অভিযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply