নিউজ ডেস্ক: ভোগালীৰ উৰুকাৰ দিনটোতে মহানগৰীৰ কাহিলীপাৰাত এক বিধ্বংসী অংগ্নিকাণ্ড সংঘটিত হৈছে। কাহিলীপাৰাৰ জটিয়াৰ প্ৰট্ৰ’ল ডিপুৰ সমীপত উক্ত অগ্নিকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৯ বজাত সংঘটিত অংগ্নিকাণ্ডটোৰ ফলত পেট্ৰ’ল ডিপুটোৰ সমীপত থকা প্ৰদীপ ৰাভাৰ নামৰ এজন ভাৰাতীয়াৰ ঘৰত ৩টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ঘৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অৱশ্যে অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে। বাতৰি লিখা সময়লৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

লগতে পঢ়ক – ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ উৰুকাৰ বজাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply