মঙলদৈ, প্ৰবীণ বৰুৱা: দৰং জিলাত প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰৰ মঙ্গলবাৰে শুভ উদ্বোধন কৰা হয়। মঙলদৈৰ ঔতলা অকলিবাৰীত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য আঁচনিৰ অধীনত ধান ক্ৰয় কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰা হয় ।কৃষক সকলক সুবিধা দিয়াৰ বাবেই এই কেন্দ্ৰ স্থাপন কৰা হয় ।

এই কেন্দ্ৰটোৰ জৰিয়তে ২০৪০ টকা প্ৰতি কুইণ্টল হিচাপত কৃষকৰ পৰা ধান সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰা হ‘ব বুলি জানিব দিয়ে দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ।

অনুষ্ঠানত খেতিয়কসকলক বছৰটোত এটা খেতিৰ পৰিৱৰ্তে দুটা বা তিনিটা খেতি কৰিবলৈ আহ্বান জনায় কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৱে। লগতে ধান কেন্দ্ৰ মুকলি হোৱাৰ পিছত মধ্যভোগী দালালৰ দপদপনি কিছু পৰিমানে কমিব বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

আনহাতে উপায়ুক্ত গৰাকীয়ে কৃষকৰ উৎসাহ দেখি যোৱা বাৰৰ তুলনাত এইবাৰ অধিক ধান ক্ৰয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক – মুখ্যমন্ত্ৰী ডাঙৰীয়া কিমান আৰু লুন্ঠন চলাব?- অখিল গগৈৰ চিঠি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,740 other subscribers

Leave a comment

Leave a Reply Cancel reply