নিউজ ডেস্ক: ৰাজ্যৰ পাঁচজন যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰা হৈছে । বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা ৫জন যুৱকে আলফা স্বাধীনত যোগদান কৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে আলফাত যোগদান কৰা যুৱক কেইজন হৈছে নগাঁৱৰ তন্ময় বৰা, দিগন্ত গোৱালা, সুভাষ হিৰা, তিনিচুকীয়াৰ সূৰুজ মৰাণ আৰু দৰঙৰ হীৰকজ্যোতি বৰা।
উল্লেখযোগ্য যে শেহতকীয়া কৈ অসমৰ একাংশ যুৱক-যুৱতীৰ মাজত বিদ্ৰোহী সংগঠন আলফাত যোগদানৰ প্ৰৱণতা বৃদ্ধি পোৱা দেখা গৈছে।
যোৱা মাহত গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ দুগৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগদান কৰাৰ খবৰে ৰাজ্যজুৰী যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
লগতে পঢ়ক – ‘দ্যা কাশ্মীৰ ফাইলচ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ Y পৰ্যায়ৰ সুৰক্ষা