নিউজ ডেস্ক: অসমৰ শিক্ষা বিভাগৰ অন্য এক যুগান্তকাৰী সিদ্ধান্ত। শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়ত্ৰী তথা অভিভাৱকৰ সুবিধা হোৱাকৈ অসমৰ শিক্ষা বিভাগে ব্যৱস্থা কৰিছে ই-পাঠ্যপুথি। যাৰ দ্বাৰা এতিয়াৰে পৰা অনলাইনযোগে প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয়ত ব্যৱহৃত সকলো পাঠ্যপুথি সমূহ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব।

বুধবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাবে কাহিলীপাৰাস্থিত মিছন সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই সুবিধাৰ শুভ উদ্বোধন কৰে। তেওঁ কয় যে, এই পদক্ষেপৰ জৰিয়তে শিক্ষাৰ্থী লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলো যথেষ্ট উপকৃত হ’ব। ইয়াৰ জৰিয়তে অতি সহজলভ্যৰে ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যপুথিসমূহ ডাউনলোড কৰিব পাৰিব।

ক’ত উপলদ্ধ হ’ব এই ই-পাঠ্যপুথি সমূহ,

মন কৰিবলগীয়া যে, অসমৰ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত প্ৰত্যেকটোক ভাষাটেই পাঠ্যপুঠি সমূহ অনলাই জৰিয়তে উপলদ্ধ কৰিছে। আঠটা মাধ্যমৰ ১৯টা ভাষাত ৪৭৫খন ই-পাঠ্যপুথি এতিয়া ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT), অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ৰ প’ৰ্টেলত ডাউনলোডযোগ্য ফৰ্মেটত উপলব্ধ হ’ব।

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ – https://scert.assam.gov.in/portlets/textbookselementarylevel2023-24 ,

নৱম-দশম শ্ৰেণীৰ বাবে – https://site.sebaonline.org/textbook আৰু

একাদশ-দ্বাদশ শ্ৰেণীৰ বাবে https://ahsec.assam.gov.in/

উক্ত লিংকটেই শিক্ষাৰ্থীয়ে অনলাইন জৰিয়তে পাঠ্যপুথি পঢ়াৰ সুবিধা পাব।

https://scert.assam.gov.in/portlets/textbookselementarylevel2023-24
https://site.sebaonline.org/textbook
https://ahsec.assam.gov.in/
https://ahsec.assam.gov.in/

উল্লেখযোগ্য যে, শিক্ষা বিভাগৰ অধীনত ২০২৩-২৪ বৰ্ষৰ বাবে ‘ক’ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ৩,১৬,৯৭,৯১৮ খন বিনামূলীয়া পাঠ্যপুথি ৫৯,৯৯,৯৭৫ জন ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হৈছে।

লগতে পঢ়ক – ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ২১ সংখ্যক দীক্ষান্ত সমাৰোহ, উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply