নিউজ ডেস্ক : নতুন দিল্লীত মৃত্যু অসমৰ এগৰাকী যুৱতীৰ। নতুন দিল্লীত ৰহস্যজনকভাৱে মৃত্যু অসমৰ যুৱতীৰ। ভাড়া ঘৰত উদ্ধাৰ হয় অসমৰ যুৱতী গৰাকীৰ মৃতদেহ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱতীৰ। নতুন দিল্লীত ভাড়া ঘৰত উদ্ধাৰ হৈছে অসমৰ যুৱতী গৰাকীৰ মৃতদেহ। মৃত যুৱতী গৰাকীৰ নাম পূজা বৰুৱা বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ পূজা বৰুৱা নামৰ যুৱতী গৰাকী নতুন দিল্লীত এয়াৰ হােষ্টেছ হিচাপে কৰ্মৰত আছিল। জানিব পৰা মতে, নিজৰ ভাড়াঘৰতে পূজা বৰুৱা নামৰ এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

লগতে পঢ়ক –  গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জনৰ দিশে চাহিল দে

নতুন দিল্লীৰ মালবিয়া নগৰৰ বেগমপুৰত ভাড়া ঘৰত বাস কৰিছিল পূজা বৰুৱা। আৰক্ষীয়ে পূজা বৰুৱাৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply