নিউজ ডেস্ক: অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসম কণ্যা নিলুফাৰ আহমেদে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা পাঞ্জা খেলত সুনাম অৰ্জন নিলুফাৰ আহমেদৰ। মধ্য প্ৰাচ্যৰ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পাঞ্জাত পদক অৰ্জন কৰিলে অসম কন্যাই।

বুধবাৰে ডুবাইত সমাপ্ত হোৱা এছিয়ান চেম্পিয়নশ্বিপত অসমৰ পাঞ্জা খেলুৱৈ নিলুফাৰ আহমেদে ভাৰতক প্ৰতিনিধিত্ব কৰি “ব্ৰঞ্জৰ” পদক অৰ্জন কৰিছে । যোৱা ২৮ এপ্ৰিলৰ পৰা ৩ মে’লৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

এই প্ৰতিযোগিতা নিলুফাৰে ৬৫ কেজি সোঁ আৰু বাওঁহাত দুটা শাখাতে সাফল্য অৰ্জন কৰিছে। তেওঁৰ এই সফলতাত অসম পাঞ্জা সন্থাই অভিনন্দন জ্ঞাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply