গুৱাহাটী: মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে মটৰ সংযোগী ৰিক্সা৷ এই ৰিক্সাসমূহে যাত্ৰীৰ পৰা সংগ্ৰহ কৰি আহিছে অত্যাধিক ভাড়া ৷ ৰিক্সাত মটৰ সংযোগ থকাৰ বাবেই যাত্ৰীক বেছি ভাড়া দাবী কৰাটো মহানগৰীৰ নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে।
শেহতীয়াকৈ বিভিন্ন সময়ত উত্থাপিত হৈ থকা অভিযোগৰ ভিত্তিত মহানগৰীত চলাচল কৰি থকা মটৰ সংযোগী ৰিক্সাৰ ওপৰত কঠোৰ স্থিতি লোৱাৰ হুংকাৰ পৌৰ নিগমৰ৷ এনে ৰিক্সাক বেআইনী ঘোষণা কৰি শীঘ্ৰে জব্দ কৰাৰ লগতে ৰিক্সা চালকক জৰিমণা বিহা হ’ব। এই কথা ঘোষণা কৰে গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।
আনহাতে মটৰ বিহীনভাৱে পেডেল মাৰিহে চলাব পাৰিব ৰিক্সা৷ প্ৰতিখন ৰিক্সা পৌৰনিগমৰ পঞ্জীভূক্ত হোৱাটো বাঞ্ছনীয়ৰ লগতে ৰিক্সাত লগাব লাগিব জি এম চিৰ পৰিচয়পত্ৰ।
লগতে পঢ়ক – প্ৰতিজন চৰকাৰী শিক্ষকে গুণোৎসৱত সহায়-সহযোগ কৰিব লাগিব