কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইত আজি জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আচনিৰ অধীনত নিৰ্মাণ কাম চলি থকা ৰাজহুৱা জলধাৰা খনন কাৰ্য্য পৰিদৰ্শন কৰে ।

খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ সমীপত ৯ বিঘা ভূমি সামৰি খুমটাই গাঁও পঞ্চায়তৰ আবন্টিত ৪৫,৮৪,০৫৩ টকা পুঁজিৰে চলি থকা খনন কাৰ্য্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে শ্ৰমিকৰ সমস্যাৰ বুজ লয়।

খনন কাৰ্য্য কৰা শ্ৰমিক সকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমূহ উপায়ুক্ত গৰাকীক অৱগত কৰাৰ লগতে কাম কৰাৰ ৭০ দিনৰ পিছতো পাৰিশ্ৰমিক আদায় নোপোৱাত ক্ষোভ প্ৰকাশ কৰি বিষয়টো তেওঁক অৱগত কৰে।

ইয়াৰ উপৰি গোলাঘাট জিলা প্ৰকল্প সঞ্চালক আৰু কঠালগুৰি উন্নয়ন খণ্ড বিষয়াই শ্ৰমিকে ৬ দিনৰ অন্তৰে অন্তৰে পাৰিতোষিক লাভ কৰিব বুলি কোৱাৰ পিছতো শ্ৰমিক সকলে ৭০ দিন কাম কৰাৰ পিছত মাত্র ৬ দিনৰ পাৰিশ্ৰমিক পাবলৈ সক্ষম হয় যদিও বহু শ্ৰমিকৰ একাউণ্টত পাৰিতোষিক জমা হোৱা নাই বুলি উল্লেখ কৰে।

উপায়ুক্ত গৰাকীয়ে শ্ৰমিক সকলৰ সমস্যা সমূহ বুজ লৈ সোনকালে শ্ৰমিক সকলে মজুৰি লাভ কৰিব বুলি আশ্বাস দিয়োৰ লগতে ৰাজহুৱা জলধাৰা আঁচনিৰ পৰা পশু পখী ও উপকাৰ হ’ব আৰু এখন পৰ্যটকৰ স্থলী হৈ পৰিব বুলি কয়।

উপায়ুক্ত গৰাকীয়ে পৰিদৰ্শন কৰা সময়ত কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ বিজ্ঞানী ড* ভবেশ চন্দ্ৰ ডেকা, গোলাঘাট জিলা প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, কঠালগুৰি উন্নয়ন খণ্ডৰ বিষয়া সঞ্জীৱ বৰা, অভিযন্তা অৰুন কুমাৰ সিং, খুমটাই গাঁও পঞ্চায়তৰ কৰ্মচাৰী সকল আৰু খুমটাই আঞ্চলিক কৃষক আৰু জব কাৰ্ড শ্ৰমিক সন্থা সদস্য আৰু শ্ৰমিক ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক – শ্বহীদ দিৱসঃ বীৰ শ্বহীদ ভগত সিং, সুখদেৱ, ৰাজগুৰুক শ্ৰদ্ধাৰে সোঁৱৰণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply