কমাৰগাঁও, চন্দন বৰা: অন্ধ্ৰপ্ৰদেশত গোলাঘাটৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু ঘটাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

গোলাঘাট জিলাৰ খুমটাইৰ শাওঁতলী চাহ বাগিচাৰ ৰাজেশ কৰ্মকাৰৰ পুত্ৰ কুনাল কৰ্মকাৰ নামৰ ৩০ বছৰীয়া যুৱকজন বাগিচাৰে এজন যুৱকৰ সৈতে কৰ্মৰ সন্ধানত ১৫ মে’ত কেৰেলালৈ বুলি গৈছিল।

তাৎপৰ্যপূৰ্ণ বিষয় যে  যাত্ৰা পথত অন্ধ্ৰপ্ৰদেশৰ এটা স্থানত কুনালৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি তেওঁৰ লগত যোৱা সহযোগী আকাশ কুৰ্মী নামৰ যুৱকজনে পৰিয়ালৰ লোকক অৱগত কৰে।

ইফালে কি কাৰণত কেনেকৈ কুনালৰ মৃত্যু হ’ল তাৰ কোনো তথ্য পৰিয়ালৰ লোকৰ আগত অৱগত কৰা নাই সতীৰ্থ আকাশে। কেৱল মাত্ৰ অন্ধ্ৰপ্ৰদেশৰ পৰা মৃত কুনালৰ ফটো প্ৰেৰণ কৰিছে আকাশে।

আনহাতে কুনালৰ মৃত্যু ঘটনাই সমগ্ৰ বিষয়টো  ৰহস্যৰ সৃষ্টি কৰিছে। পত্নী আৰু এগৰাকী কণমানি কন্যা সন্তানক এৰি কেৰেলালৈ কৰ্মসূত্ৰে যোৱাই কাল হ’ল কুনালৰ। বৰ্তমান কুনালৰ পৰিয়ালত অসহায় অৱস্থা সৃষ্টি হোৱাৰ লগতে বহিঃ ৰাজ্যৰ পৰা  মৃতদেহ আনিবলৈও অপাৰগ পৰিয়ালটি।

পৰিয়ালৰ লোকৰ লগতে আটছা আৰু স্থানীয় ৰাইজে কুনালৰ মৃতদেহ আনিবলৈ চৰকাৰৰ পৰা সহায় বিচাৰিছে।

লগতে পঢ়ক – জনিয়াৰ শওঁপুৰত বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰিলে অখিল গগৈয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply