গুৱাহাটী : অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত, ২০২৩ শিক্ষা বর্ষৰ পৰা তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব। অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব গতিকে এই দুয়োটা বিষয়ৰ কিতাপ ইংৰাজীত থাকিব। ভূগোল আৰু ইতিহাসৰ অন্তৰ্ভুক্তকৰণ।

বৃহস্পতিবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেট বৈঠকৰ পিছত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সাংবাদিকক কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ বিষয়ে জানিবলৈ দিয়ে। বৈঠকত শিক্ষা ব্যৱস্থা সম্পর্কে লোৱা সিদ্ধান্ত সমূহ জানিবলৈ দি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে ৰাজ্য চৰকাৰৰ অধীনত থকা বিদ্যালয় সমূহত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ দ্বৈত মাধ্যমত শিক্ষা প্ৰদান কৰা হ’ব।

অসমীয়া আৰু অন্যান্য স্থানীয় মাধ্যমৰ ক্ষতি নোহোৱাকৈ ইংৰাজী মাধ্যম প্ৰবৰ্তনত কৰ্তৃত্বৰ স্বাধীনতা দিয়া হৈছে বিদ্যালয় কৰ্তৃপক্ষক। প্ৰথম অৱস্থাত প্ৰতিখন জিলাত ৫-১০ খন বিদ্যালয়ত দ্বৈত মাধ্যমত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব। পৰৱৰ্তী সময়ত বিদ্যালয় সমূহৰ সংখ্যা বৃদ্ধি কৰি গৈ থকা হ’ব বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে।

কেবিনেটৰলত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ২০২৩ শিক্ষা বর্ষৰ পৰা তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব। অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব গতিকে এই দুয়োটা বিষয়ৰ কিতাপ ইংৰাজীত থাকিব। সমাজ অধ্যয়নৰ সলনি ভূগোল আৰু ইতিহাসক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্তকৰণ কৰা হৈছে।

লগতে পঢ়ক – বৃহস্পতিবাৰে ৰাজ্যত ৬৫২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত

ইফালে ঐতিহ্যমণ্ডিত ছোৱালী বিদ্যালয় সমূহৰ বাহিৰে মাধ্যমিক পৰ্যায়ত সকলো ছোৱালী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেট বৈঠকত। ইফালে ব্যক্তিগত বিদ্যালয় সমূহৰ মাচুল নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কেবিনেটত ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে বুলিও জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply