নিউজ ডেস্কঃ কটাবাৰী, গড়চুকৰ অসম দক্ষতা বিকাশ অভিযান(ASDM)-ৰ কার্যালয়ত মঙলবাৰে ‘অসম জব পর্টেল’ ( job.assam.gov.in ) নামৰ ৱেবছাইট এটি মুকলি কৰা হয়। কামাখ্যা আৰু পল্টন বজাৰ এলেকাৰ ১০০ গৰাকী হোটেল ষ্টাফৰ দক্ষতা বৃদ্ধি (Upskilling) প্রশিক্ষণ কার্যসূচী আৰু নৌকৰি ডট কম (Naukri.com)-ৰ সহযোগত নিৰ্মাণ কৰা ৱেবচাইটটো অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিক ভাৱে মুকলি কৰে। 

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উক্ত ৱেবছাইটো মুকলি কৰি অতিশয় সুখী বুলি কৈ কয় যে, হোটেল ষ্টাফৰ প্ৰশিক্ষণ লওঁতা সকলে ব্যৱহাৰ পাতি আৰু ব্যক্তিত্বৰ সংশোধন, স্থানীয় পর্যটন ক্ষেত্র আৰু উদ্যোগটোৰ বিষয়ে জ্ঞান, ডিজিটেল ব্যৱস্থাৰ জ্ঞান আহৰণ আদিৰ ওপৰত গুৰত্ব দিয়া হ’ব।

লগতে তেওঁ কয়, উক্ত পর্টেলৰ জৰিয়তে চাকৰি প্রার্থীয়ে মেছেজ, ই-মেইল ইত্যাদিৰ যোগেদি নিজৰ অৰ্হতা অনুসৰি বিভিন্ন চাকৰিৰ সম্ভেদ লাভ কৰিব। এই নতুন পর্টেল চাকৰিপ্রার্থীৰ বাবে নিসন্দেহে আশীর্বাদ স্বৰূপ হৈ পৰিব।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘ডিজিটেল অসম’ৰ সপোন সাকাৰ কৰাৰ্থে ২০২১ চনৰ ২৭ ছেপ্টেম্বৰত অনলাইন নিয়োগ বিনিময় কেন্দ্র মুকলি কৰাৰ পিছত ‘নৌকৰি ডট কম’ৰ সৈতে অসম চৰকাৰৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছিল আৰু সেইমর্মে এই নতুন পর্টেল ডেভেলপ কৰা হয়৷

লগতে পঢ়ক – চান ফ্ৰান্সিস্কোৰ ভাৰতীয় দূতাবাসত খালিস্তানী সমৰ্থকে অগ্নি সংযোগ কৰে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply