নিউজ ডেস্কঃ শাক-পাচলিত কীটনাশক দ্ৰব্যৰ পৰিমাণৰ উপস্থিতি ধৰা পেলাবলৈ অসম চৰকাৰৰ কৃষি বিভাগৰ ওচৰত নাই কোনো পৰ্যাপ্ত ব্যৱস্থা। যাৰ বাবে এতিয়া কৃষি বিভাগে ভাবা আণবিক গবেষণা কেন্দ্ৰলৈ প্ৰয়োজনীয় কীট বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে।

শেহতীয়া ভাবে অধিবক্তা সীমা ভূঞাই উৎপাদিত কৃষি সামগ্ৰীত অধিক পৰিমাণে কীট নাশক ব্যৱহাৰ ফলত জনস্বাস্থ্যৰ প্রতি ভাবুকি অহাত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল। উক্ত আবেদন খনৰে মঙলবাৰে পৰৱৰ্তী শুনানি হোৱাত কীটনাশকৰ উপস্থিতি তৎক্ষণাত ধৰা পেলাবলৈ প্ৰয়োজনীয় ব্যৱস্থা নাই বুলি কৃষি বিভাগৰ অধিবক্তাই কয়।

যাৰ বাবে অসমৰ কৃষি বিভাগে ভাবা আণবিক গৱেষণা কেন্দ্ৰৰ পৰা তাত্ক্ষণিক পৰীক্ষাৰ বাবে বায় চেন্সৰ কিট বিচাৰি পত্ৰ লিখিছে বুলি গৌহাটী উচ্চ ন্যায়ালয়ক জনাই। অৱশ্যে বৰ্তমানলৈ গৱেষণা কেন্দ্ৰটোৰ পৰা কোনো উত্তৰ লাভ কৰা নাই বুলি অৱগত কৰে।

এনে প্ৰেক্ষাপটত কৃষি বিভাগে কোনো উত্তৰ লাভ নকৰাত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাক গৱেষণা কেন্দ্ৰৰে যোগাযোগ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে।

আনহাতে, কৃষি বিভাগক সমগ্ৰ প্ৰক্ৰিয়াটোত খাদ্য সুৰক্ষা বিভাগে কোনো ধৰণৰ সহযোগ নকৰাৰ বাবে এক অভিযোগ দাখিল কৰিছিল। যাৰ বাবে শুনানিকালত সোঁশৰীৰে উপস্থিত থকা খাদ্য সুৰক্ষা বিভাগৰ আয়ুক্ত অভিজিৎ বৰুৱাক উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰি কয়— আৰু অজুহাত নেদেখুৱাব, নিজৰ কৰ্তব্য পালন কৰক। এইটো ৰাজ্যৰ জনসাধাৰণৰ স্বাস্থ্যৰ সৈতে জড়িত গুৰুতৰ বিষয়।

লগতে পঢ়ক – ২০২৪ ত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদীঃ অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply