নিউজ ডেস্ক : কোভিড-১৯ত আক্ৰান্ত হৈ দেশৰ প্ৰাক্তন এটৰ্ণি জেনেৰেল ছোলী ছোৰাবজীৰ শুকুৰবাৰে দেহাৱসান ঘটে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১বছৰ।

প্ৰাপ্ত তথ্য মতে কোভিড-১৯ ধৰা পৰাৰ পিছত পদ্ম পদ্মবিভূষণেৰে সন্মানিত প্ৰসিদ্ধ আইনজ্ঞগৰাকীক দিল্লীৰ এখন বেচৰকাৰী হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।

১৯৩০চনত বোম্বেত তেওঁৰ জন্ম গ্ৰহণ কৰা ছোলী ছোৰাবজীয়ে ১৯৫৩ চনত কৰ্ম জীৱনৰ আৰম্ভণি কৰে আৰু ১৯৭১ চনত বোম্বে উচ্চ ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা হিচাপে যোগদান কৰে।

উল্লেখযোগ্য যে তেওঁ দুবাৰকৈ দেশৰ এটৰ্ণি জেনেৰেলৰ পদ অলংকৃত কৰে। প্ৰথমবাৰ ১৯৮৯ চনত আৰু দ্বিতীয়বাৰ ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে।

মানৱাধিকাৰ সুৰক্ষা আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে ২০০২চনত ছোৰাবজীক পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply