গুৱাহাটী : অসমত সোমবাৰৰ পৰা আৰম্ভ কৰা হয় ‘ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান’। মঙলবাৰে এই অভিযানৰ দ্বিতীয় দিনাও ৰাজ্যবাসীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়োৱা দেখিবলৈ পোৱা যায়। ভাৰত চৰকাৰৰ কো-উইন প’ৰ্টেলত মঙলবাৰে নিশা ৮ বজা পৰ্যন্ত আপলোড হোৱা তথ্য অনুসৰি মঙলবাৰৰ দিনটোত ৰাজ্যখনৰ ২,৩৭,৩৩৯ গৰাকী লোকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে।

এই পৰ্যন্ত দৈনিক টীকাকৰণৰ নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে মঙলবাৰে ৭৯ শতাংশ টীকাকৰণ সম্পূৰ্ণ হৈছে। নিশা ৮ বজালৈকে ৰাজ্যখনৰ ১,৯৮০টা ক’ভিড প্ৰতিষেধক কেন্দ্ৰৰ পৰাহে এই প’ৰ্টেলত প্ৰতিষেধক প্ৰদানৰ তথ্য সন্নিৱিষ্ট হৈছে যদিও জিলাসমূহৰ দুৰ্বল ইণ্টাৰনেট সংযোগৰ সুবিধা থকা ভিতৰুৱা, দুৰ্গম এলেকাৰ প্ৰতিষেধক কেন্দ্ৰ তথ্য এতিয়ালৈকে সম্পূৰ্ণ আপলোড হোৱা নাই।

ইফালে, সোমবাৰে প্ৰথম দিনা ৰাজ্যখনত মুঠ ৩,৭১,০৮০ গৰাকী লোকক ক’ভিড প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হয় স্বাস্থ্য বিভাগ। সেইমতে, সোমবৰ আৰু মঙলাবাৰ নিশা ৮ বজালৈকে ৰাজ্যত মুঠ ৬,০৮,৪১৯ গৰাকী লোকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিলে। নিৰ্ধাৰিত লক্ষ্যৰ বিপৰীতে দুদিনৰ মুঠ টীকাকৰণৰ হাৰ হৈছে ১০১ শতাংশ।

উল্লেখ্য, অসমৰ প্ৰতিষেধক কেন্দ্ৰসমূহৰ পৰ এতিয়াও আৰু যথেষ্ট সংখ্যক দ্বিতীয়টো দিনৰ অফলাইন পঞ্জীয়নৰ তথ্য আপলোড হ’বলৈ থকালৈ চাই এই সংখ্যা অধিক পোৱাৰ সম্ভাৱনা আছে। ইফালে, মঙলবাৰে এই পৰ্যন্ত কামৰূপ মহানগৰ জিলাত ২৪,৮৪৮ গৰাকী, ডিব্ৰুগড় জিলাত ১৮,৮২৬ গৰাকী, কাচাৰত ১৮,৮২৬ গৰাকী, বৰপেটাত ১২,৮০৯ গৰাকী, কৰিমগঞ্জত ১১,১৪৫ গৰাকী, যোৰহাটত ১০,৪৯১ গৰাকী, শিৱসাগৰত ৯,৫৫৩ গৰাকী, নগাঁৱত ৯,৪০৫ গৰাকী, তিনিচুকীয়াত ৮,২৬০ গৰাকী, শোণিতপুৰত ৭,২৬০ গৰাকী লোকক প্ৰতিষেধক দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,127 other subscribers

Leave a comment

Leave a Reply