বাক্সা : বাক্সা জিলাৰ মুছলপুৰত আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। মুছলপুৰত
আৰক্ষীয়ে অভিযান চলাই পিষ্টলসহ পাঁচ জনীয়া ডকাইতৰ এটা দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বিগত দুবছৰ ধৰি আৰক্ষীৰ মূৰৰ কামোৰণী হৈ আছিল ডকাইতৰ দলটো।

বিগত দুবছৰ ধৰি মাইক্ৰো ফাইনেন্সৰ কৰ্মচাৰীক লক্ষ্য কৰি পিষ্টল দেখুৱাই ধন লুট কৰি আছিল ডকাইতৰ দলটোৱে৷ মুছলপুৰ, বৰমা অঞ্চলত ডকাইতি কাণ্ড সংঘটিত কৰিছিল ডকাইতৰ দলটোৱে৷ বিভিন্ন সময়ত উক্ত অঞ্চল দুটাত ডকাইতি কাণ্ড সংঘটিত কৰি ডকাইতৰ দলটোৱে আৰক্ষীৰ
নিদ্ৰা হৰিছিল।

আৰক্ষীয়ে বিগত দুবছৰ ধৰি ডকাইতৰ দলটোক জালত পেলাবলৈ চেষ্টা চলাই আছিল যদিও আৰক্ষীৰ চকুত ধুলি দি ডকাইতৰ দলটোৱে চলাই আছিল ডকাইতি কাণ্ড। অৱশেষত বাক্সা জিলাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাৰ নেতৃত্বত শুকুৰবাৰে আৰক্ষীয়ে ডকাইতৰ দলটোক জালত পেলাবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইতৰ দলটোৰ সদস্য কেইজন হৈছে অঞ্জন দাস, গোপেশ দাস, হিমাংশু হালৈ, কুলদীপ ৰয় আৰু খনীন ডেকা৷

লগতে পঢ়ক : আজিৰে পৰা মহানগৰীৰ ৫৮ কেন্দ্রত বৃহৎ টিকাকৰণ

ডকাইত কেইজনৰ পৰা আৰক্ষীয়ে এটা পিষ্টল, এখন মাৰুতী চুজুকী, এখন গ্ৰেণ্ড আই টেন, এখন ৰেদী গ’ৰসহ দুখন বাইকৰ লগতে ৫ টা মোবাইল হেণ্ডচেট জব্দ কৰে৷ সম্প্ৰতি অধিক তথ্যৰ বাবে ডকাইতৰ দলটোক মুছলপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply