নিউজ ডেস্কঃ ছেবাৰ সৈতে আজি আছুৰ এটা সজাতি দল এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ নেতৃত্বত যোৱা এই সজাতি দলটোৱে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত আলোচনা কৰে আজিৰ এই বৈঠকত।

বৈঠকৰ পাছত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়- ”আজি আছুৰ এটা সজাতি দল ছেবা আৰু কাউন্সিল ইয়াৰে অধ্যক্ষ আৰু সচিবক লগ ধৰিছো। ইতিমধ্যে ছেবাৰ সচিব আৰু কন্ট্ৰলাৰ অৱ এগজামিনেশ্যন দুয়োগৰাকীকে আমি সাক্ষাৎ কৰিছো আৰু কাউন্সিলৰ অধ্যক্ষৰ সৈতে আমি আলোচনা কৰিছো।”

লগতে তেওঁ কয়- ”মূল বিষয়টো ছেবাৰ ক্ষেত্ৰত মেট্ৰিকৰ ফলাফল ঘোষণাৰ সন্দৰ্ভত ক্ৰুটিহীনভাৱে যাতে ফলাফল ঘোষণা কৰিব পাৰে আৰু কেতিয়ালৈ ফলাফল ঘোষণা কৰিব পাৰে এই সন্দৰ্ভত আলোচনা কৰিবলৈ আমি ছেবালৈ আহিছিলো। ২০২১ বৰ্ষৰ প্ৰশ্নকাকত লৈ ২০২২ বৰ্ষত পৰীক্ষা অনুষ্ঠিত কৰিছিল। ইয়াক লৈ আমাৰ শিক্ষাৰ্থী, অভিভাৱকসকল শংকিত হৈ আছিল। কেনেকৈ ফলাফল ক্ৰুটিহীনতাৰে ঘোষণা কৰিব পাৰে আৰু ছেবাৰ প্ৰতি থকা যি বিশ্বাসযোগ্যতা, সেই বিশ্বাসযোগ্যতা যাতে অটুট থাকে তাৰ বিষয়ে আলোচনা কৰিবলৈ আমি আহিছিলো। আৰু ছেবাৰ কৰ্তৃপক্ষই যদিও আমাক এটা তাৰিখ নিৰ্ধাৰিত কৰি দিব পৰা নাই , তথাপিও আমি ছেবাক দাবী জনাইছো যে, জুন মাহৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব লাগে।”

”ইতিমধ্যে ছেবাৰ মেট্ৰিক ফলাফলৰ ক্ষেত্ৰত সৰহ সংখ্যক কাম-কাজ সম্পন্ন হৈছে বুলি আমাক জনাইছে, আৰু কিছু সংখ্যক কাম কাজ বাকী আছে। গতিকে আমি জুন মাহৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ বাবে দাবী কৰিছো আৰু ছেবাৰ কৰ্তৃপক্ষই আমাৰ সেই দাবী ৰাখিম বুলি আমাক কৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply