হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ ফেকামাৰীত দেওবাৰে পুৱা প্ৰায় ১০ বজাত উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ইউ এন কলিতাই এক অভিযান চলায়। গুৱাহাটীৰ পৰা আহি জিলাখনৰ খাৰুৱাবান্ধা আৰক্ষীৰ সহযোগত ফেকামাৰী বজাৰত থকা ফাৰহানা এন্টাৰপ্ৰাইজত অভিযান চলাই প্ৰায় দুই কুইণ্টল চুৰি ৰড উদ্ধাৰ কৰি দোকানৰ কৰ্মচাৰী বাবুক আটক কৰে। কিন্তু ফাৰহানা এন্টাৰপ্ৰাইজৰ স্বাত্বাধিকাৰী মাফিজুৰ ৰহমান আৰক্ষীৰ অভিযানৰ খবৰ পাই পলায়ন কৰে। ফাৰহানা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী মাফিজুৰ ৰহমান হৈছে এআইইউডিএফ দলৰ ফেকামাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক।

উত্তৰ গুৱাহাটী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ইউ এন কলিতাই জানিবলৈ দিয়া মতে এম এছ ওৱেৰ কৰ্পৰেশ্যন নামৰ কোম্পানীটোৰ পৰা যোৱা ২৪ মে তাৰিখে কেইবা ট্ৰাক ভৰ্তি ৰড চুবুৰীয়া ৰাজ্য মনিপুৰলৈ প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ পৰা এটা ৰড ভৰ্তি ট্ৰাক চালকে হাইজেক কৰি মনিপুৰৰ সলনি মানকাচৰলৈ লৈ আহে। কোম্পানীটোৱে ঘটনা সংক্ৰান্তত উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিলৰ পিছত আৰক্ষীয়ে ট্ৰাকখনৰ চালকসহ কেইবাজনো লোকক আটক কৰি জেৰা চলাই জেললৈ প্ৰেৰণ কৰে।

জেৰাৰ অন্তত অনুসন্ধান চলাই অৱশেষত উত্তৰ গুৱাহাটীৰ আৰক্ষীৰ দল এটা উপস্থিত হয় মানকাচৰৰ ফেকামাৰী বজাৰত। বজাৰখনত থকা ফাৰহানা এণ্টাৰপ্ৰাইজৰ দোকান আৰু ঘৰৰ লগতে গুদামত তালাচী চলাই আৰক্ষীয়ে গুদামৰ পৰা প্ৰায় ২ কুইণ্টল ৰড উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে দোকানখনত থকা কৰ্মচাৰী বাবুক আটক কৰি উত্তৰ গুৱাহাটীলৈ লৈ যায়। উত্তৰ গুৱাহাটীৰ ৰড কোম্পানীটোৰ পৰা দীৰ্ঘদিন ধৰি এটা চিণ্ডিকেট চক্ৰই ৰড আমদানি-ৰপ্তানি কৰাৰ সময়ত ১০-১২ খন ট্ৰাকৰ পৰা এটা ট্ৰাক হাইজেক কৰি অসমৰ বিভিন্ন প্ৰান্তত এনে অসাধু ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি আহিছে।

লগতে পঢ়ক : অভয়াখুটিৰ দুই কিশোৰীৰ ৰহস্যজনক মৃত্যু হোৱা পৰিয়ালৰ কাষত মুখ্যমন্ত্ৰী

প্ৰায় ১২ লাখ টকাৰ ৰড এআইইউডিএফৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকজনে ৫ লাখ টকাত ক্ৰয় কৰিছিল বুলি আৰক্ষী সুত্ৰে জানিবলৈ দিছে। মানকাচৰত এআইইউডিএফৰ নেতাজনে এই চক্ৰটো দীৰ্ঘদিন ধৰি চলাই অহা বুলিও আৰক্ষী সুত্ৰে জানিব পৰা গৈছে। অৱশ্যে আৰক্ষীয়ে এআইইউডিএফৰ নেতাজনক এতিয়ালৈকে আটক কৰিব পৰা নাই বাবে সাংবাদিক কেমেৰাৰ আগৰ বিশেষ একো মন্তব্য নকৰিলে। চিণ্ডিকেট চক্ৰটোৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰাৰ পিছতহে আৰু বহু চাঞ্চল্যকৰ তথ্য ফাদিল হ’ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply