অসম বিধান সভা

নতুন চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰলৈ অহা ২১ মে’ৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব বিধানসভাৰ প্ৰথমখন অধিৱেশন।
তিনিদিনৰ বাবে হ’ব বিধানসভাৰ প্ৰথমখন অধিবেশন।এই অধিবেশনতে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বাচনি কৰিব । শাসকীয় দলৰ সুত্ৰই প্ৰকাশ কৰা মতে বিশ্বজিত দৈমাৰীক বিধানসভাৰ অধ্যক্ষ হিচাবে বাচনি কৰিব ।


তিনিদিনীয়া বিধানসভা অধিৱেশনৰ মাজতে নিৰ্বাচিত হৈ অহা বিধায়কে শপতগ্ৰহণ কৰিব । শিৱসাগৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে বিধানসভাৰ এই অধিবেশনতে কাৰাগাৰৰ পৰা আহি শপতগ্ৰহণ কৰিব ।

ইয়াৰ বাবে নিয়া আদালতৰ পৰা অনুমতি লাভ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
বিৰোধী দলে এতিয়ালৈকে তেওলোকৰ নেতাৰ নাম ঘোষণা কৰা নাই ।

কংগ্ৰেছ হাইকামান্ডে কাক এইবাৰ বিৰোধী দলপতিৰ আসনত বহুৱাই সেইয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই ।

আৰু পঢ়ক ২১ মেৰ পৰা তিনিদিনীয়াকৈ অসম বিধান সভাৰ অধিবেশন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,282 other subscribers

Leave a comment

Leave a Reply