বিত্ত মন্ত্ৰী অজন্তা নেওগে বিত্তীয় বাজেট দাখিল কৰি ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

ৰাজ্য চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্নাতক শ্ৰেণীপৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি আৰু পাঠ্যপুথি কিনাৰ বাবদ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।

স্নাতক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, পলিটেকনিক মহাবিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে প্ৰতিমাহে হোষ্টেলৰ মাচুল ২০০০ টকালৈকে ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় অসম বাজেটত।

ইপিনে, দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ নামভৰ্তিৰ মাচুল ৰেহাই ব্যৱস্থা অব্যাহত ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম বাজেটত।

আনহাতে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ স্কুটাৰ প্ৰদান কৰাৰো ঘোষণা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

বাজেট উত্থাপন কৰি বিত্ত মন্ত্ৰী নেওগে স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়ন কৰি থকা ছাত্ৰীসকললৈ প্ৰতিবছৰে এক যাতায়তীচ বানাচ হিচাপে ১০,০০০ টকাৰ অনুদান ঘোষণা কৰে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা যোগ্য ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আনন্দৰাম বৰুৱা বঁটা অব্যাহত ৰখা হ’ব বুলিও বাজেট ভাষণত বিত্ত মন্ত্ৰী অজন্তা নেওগে সদৰী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply