ছাৰ্ভে অৱ ইণ্ডিয়াই জৰীপ চলাই অসম মেঘালয়ৰ সীমা বিবাদ অন্তিম পৰ্যায়ত আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ইয়াৰ বিপৰীতে অসমৰ সিমাত থকা বহুজন মেঘালয়লৈ যাবলৈ সাজু নহয়। কামৰূপ জিলাৰ বাখালাপাৰাবাসীয়ে মেঘালয়ত অন্তৰ্ভুক্তি নিবিচাৰে যদিও তেওলোকক জোৰজুলুম কৰি মেঘালয়ত সোমাব বিচৰা হৈছে। দুয়ো গৰাকী মুখ্যমন্ত্ৰীয়ে ৬ টা স্থানত সহমতলৈ অহাৰ পিছত এতিয়া জৰীপ আৰম্ভ হৈছে।জৰীপকাৰীৰ প্ৰতিবেদনৰ আধাৰত হ’ব চূড়ান্ত সিদ্ধান্ত।

দুয়োখন বিধানসভাতেই শাসকীয় দল দুটাই সহজেই ইয়া গৃহীত কৰিব পাৰিব বাবেই তাক লৈ বিশেষ গুৰুত্ব দিয়া নাই। সহমতত উপনীত হোৱা অঞ্চল কেইটা হৈছে হাহিম, গিজাং, তাৰাবাৰী, বকলাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰা। দুয়ো ৰাজ্যই ১৮ বৰ্গ কিলোমিটাৰ এলেকা পৰস্পৰক হস্তান্তৰ কৰাৰ কথা।

মেঘালয়ৰ সীমান্তৱৰ্তী বাখালাপাৰা,কুণ্ডিলনগৰবাসীয়ে মুকলি ভাবেই প্ৰকাশ কৰিছে তেওলোক হাড়েহিমজুৱে অসমীয়া কলা-কৃষ্টিও তেওলোকৰ অসমীয়া সেইবাবেই চামিল নহয় মেঘালয়ত। এনে কিছুমান নতুন সভস্যাৰ সৃষ্টি কৰি সীমা সমস্যা সমাধানৰ সুত্ৰ জোৰজুলুম কৰি উলিয়াব গলে সমস্যা বাঢ়িবহে।

লগতে পঢ়ক- ক্ৰীড়াৰ ৰাজধানী কৰিব খোজা গুৱাহাটীত ফুটবল ফিল্ড বিচাৰি খেলুৱৈৰ ৰাজপথত প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply