হাজো : কামৰূপ জিলাৰ হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত থকা বিষ্ণুপুস্কৰ পুখুৰীৰ মাছ স্থানান্তৰ কৰা হ’ল অন্য পুখুৰীলৈ। বিষ্ণুপুস্কৰ পুখুৰীৰ বৃহৎ আকাৰৰ মাছ সমূহক স্থানান্তৰ কৰা হ’ল আমিনগাঁৱৰ শৰাইঘাট সৰোবৰলৈ। অক্সিজেনৰ অভাৱত প্ৰায়ে বিষ্ণুপুস্কৰ পুখুৰীৰ মাছ মৃত্যুৰ মুখত পৰা পৰিলক্ষিত হয়।

হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত থকা বিষ্ণুপুস্কৰ পুখুৰীৰ মাছ প্ৰায়ে অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰা পৰিলক্ষিত হয়। ঐতিহাসিক পুখুৰীটোৰ মাছ সমূহক ৰক্ষা কৰিবলৈ এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে কামৰূপ জিলা প্ৰশাসনে। পুখুৰীটোৰ পৰা ৩৪ টাকৈ বৃহৎ আকাৰৰ মাছ জিলা প্ৰশাসনে স্থানান্তৰ কৰিছে।

আমিনগাঁৱৰ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষতে থকা শৰাইঘাট সৰোবৰলৈ বিষ্ণুপুস্কৰ পুখুৰীৰ ৩৪ টাকৈ বৃহৎ আকাৰৰ মাছ অনা হৈছে। বিষ্ণুপুস্কৰ পুখুৰীৰ মাছ সমূহ যাতে অক্সিজেনৰ অভাৱত মৃত্যুৰ মুখত পৰিব লগা নহয় ইয়াৰ বাবে বিষ্ণুপুস্কৰ পুখুৰীৰ মাছ সমূহক স্থানান্তৰ কৰি পুখুৰীটো পৰিষ্কাৰ কৰা হ’ব।

লগতে পঢ়ক  : বানৰ কবলত হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়

বিষ্ণুপুস্কৰ পুখুৰীৰ পৰিষ্কাৰ কৰাৰ পিছত পুনৰ মাছ সমূহক বিষ্ণুপুস্কৰ পুখুৰীলৈ অনা হ’ব। ইফালে প্ৰশাসনে বিষ্ণুপুস্কৰ পুখুৰীৰ মাছ সমূহ স্থানান্তৰ কৰাৰ কথা মন্দিৰ পৰিচালনা সমিতিক অৱগত নকৰাত মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply