নিউজ ডেস্কঃ ‘সফলতাৰ মূল পথ হৈছে বাণিজ্যিক শিক্ষা’- এই মন্তব্য গুৱাহাটীৰ বৃন্দাবন গাৰ্ডেনত অনুষ্ঠিত এডুভেণ্টোত সন্দীপ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক মুৰব্বী অমিত শ্ৰীবাস্তৱৰ । দেশৰ অন্যতম আগশাৰীৰ বিশ্ববিদ্যালয় সন্দীপ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক মুৰব্বী অমিত শ্ৰীবাস্তৱে কয় যে- বাণিজ্যিক আৰু কাৰিকৰী শিক্ষাই বহুজাতিক কোম্পানীসমূহত উচ্চ স্থানত পোনপটীয়া স্থান দিব পাৰে। এই কাৰণে সন্দীপ বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীসকলক দুটা নতুন মেনেজমেণ্ট পিজি পাঠ্যক্ৰম আগবঢ়াইছে।
ইফালে, “এডুভেণ্টো”য়ে উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলৰ বাবে এক বৃহৎ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। মেগা শৈক্ষিক মেলা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত, এডুভেণ্টো গুৱাহাটীৰ বৃন্দাবন গাৰ্ডেনত চলি থকা এই মেলাখন ১০ মে’ত সমাপ্ত হ’ব।
আনহাতে, দ্বিতীয় পৰ্যায়ত শ্বিলঙতো এই এডুভেন্টো মেলা অনুষ্ঠিত হ’ব। অহা ১৩ আৰু ১৪ মে’ত এই কাৰ্যসূচী মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হ’ব। তৃতীয় পৰ্যায়ত, অনুষ্ঠানটো ১৭ আৰু ১৯ মে’ত ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব।
১৬ টা শীৰ্ষ প্ৰতিষ্ঠানে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। এডুভেণ্টোৰ সঞ্চালক চাহিল জামানৰ মতে, উত্তৰ-পূবৰ শিক্ষাৰ্থীসকলে এই অনুষ্ঠানৰ জৰিয়তে কেৰিয়াৰ নিৰ্দেশনা লাভ কৰিব পাৰে। বেছি ভাগ শিক্ষাৰ্থীয়ে যেতিয়া সঠিক কেৰিয়াৰৰ সুযোগ বাচনি কৰিব লগা হয় তেতিয়া বিভ্ৰান্ত হয়। সেয়েহে, এডুভেণ্টোৱে সদায় এই অনুষ্ঠানটোৰ জৰিয়তে কেৰিয়াৰ সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে।
আনহাতে “সুকল্প ফাউণ্ডেচন”ৰ সঞ্চালক বিনয়শীল চৌধুৰীয়ে কয় যে- উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট সম্ভাৱনা আছে আৰু তেওঁলোকক কেৰিয়াৰত উৎকৃষ্ট হ’বলৈ সঠিক নিৰ্দেশনাৰ প্ৰয়োজন।
এই অনুষ্ঠানত সন্দীপ বিশ্ববিদ্যালয়, চাণক্য বিশ্ববিদ্যালয়, আচাৰ্য ইনষ্টিটিউট অৱ টেকন’লজী, এছআৰএম বিশ্ববিদ্যালয়, এলায়েন্স বিশ্ববিদ্যালয়, আদমাছ বিশ্ববিদ্যালয়, পানীপথ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, আলপাইন গ্ৰুপ অৱ ইনষ্টিটিউট, পাৰুল বিশ্ববিদ্যালয়, সুকল্প ফাউণ্ডেচন, গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট, ৰিজিঅনেল কলেজ অৱ ফাৰ্মাচিউটিকেল চাইন্স, বিএফআইটি গ্ৰুপ অৱ ইনষ্টিটিউটে তেওঁলোকৰ কাউন্সিলাৰ আৰু মানসিক বিশেষজ্ঞসকলৰ সৈতে অংশগ্ৰহণ কৰে।