ৰঙিয়া : অসম আৰক্ষীৰ ড্ৰাগছ মুক্ত অসম অভিযান তীব্ৰ গতিত চলি আছে। বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে ঘোষণা কৰিছে জেহাদ। প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ মাফিয়া।

উজনিৰ পৰা নামনিলৈকে চলি থকা অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ ফলত ড্ৰাগছ মাফিয়া সকলৰ টোপনি নাইকিয়া হৈছে। ইতিমধ্যে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত বহু ড্ৰাগছ মাফিয়াই আৰক্ষীৰ ভয়ত আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে। ইয়াৰ মাজতো আৰক্ষীয়ে নিজৰ অভিযান অধিক দ্ৰুত গতিত চলাই প্ৰতিদিনে সাফল্য লাভ কৰি আছে।

শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে সাফল্য লাভ কৰে। কামৰূপ জিলাৰ ৰঙিয়াৰ বিভিন্ন অঞ্চলটোত শনিবাৰে তীব্ৰ গতিত চলে কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। নিশাৰ ভাগত কামৰূপ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলে ৰঙিয়াৰ কৰিয়াৰাত। কামৰূপ আৰক্ষীৰ এটা দলে কৰিয়াৰাৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে।

লগতে পঢ়ক : যোগান বিভাগৰ নিস্কিয়তাৰ সুযোগ লৈ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি দক্ষিণ শালমৰা মানকাচৰত

অৱশ্যে আৰক্ষীৰ অহাৰ উমান পাই মূল সৰবৰাহকাৰীজন পলায়ন কৰিব সক্ষম হয় যদিও আৰক্ষীয়ে ইয়াৰ লগত জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে ৰঙিয়াত এজন ড্ৰাগছ আসক্ত যুৱক ড্ৰাগছ ক্ৰয় কৰাৰ বাবে চুৰিকাণ্ড সংঘটিত কৰি থকা অৱস্থাত ৰাইজৰ হাতত ধৰা পৰিছিল। ইয়াৰ পিছতে ৰঙিয়াবাসী ৰাইজে আৰক্ষীক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হ’বলৈ হেঁচা প্ৰয়োগ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,883 other subscribers

Leave a comment

Leave a Reply