গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সযােগে ৰাজ্যৰ প্ৰতিখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে সাম্প্রতিক ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক বৈঠকত মিলিত হয়। জনতা ভৱনস্থিত মুখ্যমন্ত্রী কার্যালয়ৰ সভাকক্ষৰ পৰা এই ভাৰ্চুৱেল বৈঠকত অংশ লৈ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত ক’ভিড সংক্রমণৰ নিম্নমুখী ধাৰা বৰ্তাই ৰখাৰ বাবে আগ্রাসী মনােভাবেৰে ক’ভিড পৰীক্ষা আৰু টীকাকৰণ কাৰ্যসূচী চলাই নিবলৈ জিলা প্রশাসনসমূহক আহ্বান জনায়।

ৰাজ্যখনৰ সৰু চহৰ আৰু পৌৰ এলেকাসমূহত টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভিতৰুৱা অঞ্চলসমূহত ক’ভিডৰ সংক্রমণ প্রতিৰােধৰ দিশত ই যথেষ্ট সহায়ক হ’ব। জিলাসমূহত টীকাকৰণ কাৰ্যসূচীৰ জৰিয়তে সকলাে লােককে সামৰি লােৱাৰ পদক্ষেপ গ্রহণৰ বাবে উপায়ুক্তসকলক আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ১০০ শতাংশ টীকাকৰণত উপনীত হ’ব পৰাকৈ জিলা ভিত্তিক কৌশল যুগুত কৰিবৰ বাবে উপায়ুক্তসকলক নির্দেশ দিয়ে।

এই ক্ষেত্ৰত অহা দিনসমূহত ভেকচিনৰ কোনােধৰণৰ নাটনি নহয় বুলি তেওঁ আশ্বাস প্রদান কৰে। ক’ভিড পজিটিভ ৰােগীৰ সংখ্যাৰ ভিত্তিত নিজ নিজ জিলাসমূহৰ স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই অনুসাৰে অগ্রাধিকাৰৰ ভিত্তিত ভেকচিন প্ৰদানৰ পদক্ষেপ ল’বলৈও তেওঁ উপায়ুক্তসকলক নির্দেশ দিয়ে। দিব্যাংগ, শিশু, স্তনপান কৰাই থকা মহিলাসকলৰ দৰে স্পর্শকাতৰ লােকসকলক সংক্রমিত হােৱাৰ আশংকা দূৰীকৰণৰ বাবে ইতিমধ্যে টীকাকৰণৰ পৰা বাদ পৰি যােৱা অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলকো সােনকালে ভেকচিন প্রদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

লগতে পঢ়ক : পি ডি এছৰ চাউল যোগানকাৰীৰ বিৰুদ্ধে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল

ক’ভিড সংক্ৰমণৰ হাৰ অধিক হ্রাস কৰাৰ স্বাৰ্থত সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়াতৰ দৰে নিষেধাজ্ঞাসমূহ কঠোৰভাৱে বলৱৎ কৰিবলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।।পজিটিভ ৰােগীৰ হাৰ হ্রাস পােৱাৰ ফলত যিসমূহ জিলাত বাধা নিষেধসমূহ কিছু ৰেহাই দিয়া হৈছে, তাত যাতে এই সুযােগৰ অপব্যৱহাৰ নহয় তাৰ বাবে জনতাৰ সমাগম ৰােধৰ স্বাৰ্থত ১৪৪ ধাৰা জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উপায়ুক্তসকলক নির্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply