গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি ক’ভিড-১৯ৰ চিকিৎসা ব্যৱস্থাৰ আন্তঃগাঁথনি তথা ইয়াৰ লগত জড়িত আনুসংগিক বিষয়সমূহৰ বুজ লয়। ইয়াৰ পিছতে চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি তেখেতে সৰুসজাই ক্রীড়া প্রকল্প চৌহদত ভাৰতীয় প্রতিক্ষা গৱেষণা সংস্থাৰ দ্বাৰা নিৰ্মাণ কৰি থকা ৩০০ খন বিচনাযুক্ত হাস্পতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২০০ খন আই চি ইউ বিচনাযুক্ত ইউনিটৰ বাবে প্রয়ােজনীয় চিকিৎসকৰ বিষয়টো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি অন্যান্য জ্যেষ্ঠ চিকিৎসকৰ সৈতে আলােচনা কৰিছে।

গুৱাহাটীৰ এই অতিৰিক্ত ৫০০ খন আইটিইউ বিচনাই ক’ভিড-১৯ৰ চিকিৎসা ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই ব্যৱস্থাপনাত চিকিৎসক নিয়ােজিত কৰাৰ বিষয়টোৰ ওপৰত অগ্রাধিকাৰ প্রদান কৰা হৈছে যাতে মানসম্পন্ন চিকিৎসা সেৱা নিশ্চিত কৰিব পৰা যায়। জুন মাহত অসমে ৭ লাখ ক’ভিড ভেকচিন পালি লাভ কৰিব বুলি উল্লেখ কৰি এই পালি লাভ কৰাৰ পিছত ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ লােকৰ প্রতিষেধক প্রদান কার্যসূচী ত্বৰান্বিত হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে ১৫ আগষ্টৰ ভিতৰত ৰাজ্যখনৰ এক বৃহৎ সংখ্যক লােকক প্রতিষেধক প্রদান কৰাৰ বাবে সক্ষম হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে আশা প্রকাশ কৰে যে ৭ জুনৰ ভিতৰত ৰাজ্যখনৰ ক’ভিড সংক্রমণ তথা ক’ভিডৰ ফলশ্রুতিত মৃত্যু হােৱা ৰােগীৰ সংখ্যা দ্রুতভাৱে হ্রাস পাব।

ৰাজ্য চৰকাৰে এই অতিমাৰী নিয়ন্ত্রণ কৰাৰ দিশত প্রয়ােজনীয় সকলােধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ কয়।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রতিক্ষা গৱেষণা সংস্থাৰ দ্বাৰা উদ্ভাৱন কৰা ২-ডি জি এন্টি ক’ভিড ঔষধ ১৩ গৰাকী ৰােগীলৈ আগবঢ়োৱাৰ বাবে পদক্ষেপ লােৱা হৈছে। ৰােগীসকলে হাস্পতালৰ পৰা যাতে সােনকালে ৰােগমুক্ত হৈ যাব পাৰে তাৰ বাবে আন কিছু সংখ্যক অতি উচ্চমানৰ ঔষধ ব্যৱহাৰৰ বাবে যাে-জা চলাই থকা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।প্রতিষেধক প্রদান কার্যসূচীক এক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ বাবে জনােৱা আহ্বানৰ প্রতি সহাঁৰি জনাই অসমৰ ৰাইজে মুক্ত হস্তে আৰু স্বতস্ফূর্তভাৱে প্ৰদান কৰা দান-বৰঙনিৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক তেওঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়ক : ৰঙিয়াৰ কৰিয়াৰাত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ ব্ৰাউন চুগাৰ

পৰিদৰ্শনৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বর্তমানে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত ক’ভিডত আক্রান্ত চিকিৎসাধীন হৈ থকা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু বিধায়ক প্রদীপ হাজৰিকাৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকৰ পৰা বুজ লয়। পৰদির্শন সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ আৰু মুখ্য অধীক্ষক ডাঃ অচ্যুত বৈশ্য, চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক অভিজিৎ শৰ্মাৰ লগতে অন্যান্য জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply