নিউজ ডেস্ক: অবশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই মাজনিশা কংগ্ৰেছে ঘোষণা কৰিলে ৪০টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা। শনিবাৰে মাজ নিশা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অনুমোদনৰ পিছত ঘোষণা কৰা হয় প্ৰাৰ্থী তালিকা। প্ৰথমখন স্থান পালে দলৰ সভাপতি ৰিপুন বৰা ,ৰকিবুল হুচেইন, দেবব্ৰত গগৈ সহ ৪০ জনৰ নাম | এদিনৰ আগতে যোগদান কৰা বিজেপি নেতা বিতোপন শইকীয়াক গোলাঘাটত আৰু বিতৰ্কিত অজয় ফুকনক দিলে চাবুৱাৰ প্ৰাৰ্থিত্ব |
প্ৰথম পৰ্যায়ৰ ৪০টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ল যদিও নাওবৈছা, ঢকুৱাখনা, তিতাবৰ আদি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পৰা বিৰত থাকে কংগ্ৰেছ নেতৃত্ব।

প্ৰথম দুটা পৰ্যায়ৰ প্ৰাৰ্থিত্ব নাম চূড়ান্ত কৰি দিল্লীলৈ প্ৰেৰণ কৰা হ’ল বুলি সভাপতি ৰিপুন বৰাই মন্তব্য কৰে যদিও
আসনক কেন্দ্ৰ এআইইউডিএফৰ লগত মত বিৰোধ হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰিপুন বৰাই কয়, ‘অলপটো অসন্তুষ্টি থাকিবই। এইটো স্বাভাৱিক কথা। ইমান দিন কাম কৰি আছে এতিয়া নাপাব তেনেকুৱা ক্ষেত্ৰত কিছুমান অসন্তুষ্টি থাকিবই। আলোচনাৰ মাধ্যমেৰে আমি সমাধান কৰিম’।
আনহাতে বৰাকৰ আসনক লৈ সুস্মিতা দেৱ প্ৰসংগত কয়, ‘সুস্মিতা দেৱৰ অসন্তুষ্টি আছে স্বাভাৱিক। কাৰণ বৰাকৰ যি ১৫ খন আসন আছে হাইলাকান্দিতে তিনিটা এআইইউডিএফৰ। শিলচৰ, কৰিমগঞ্জ আছেই। তেওঁলোকৰ দখলত থকা আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আমাৰ অলপ অসুবিধা হৈ আছে। সেই বাবে অলপ অসন্তুষ্ট’। জ্যেষ্ঠ নেতা ছিদ্দিক আহমেদে স্পষ্ট ৰূপত কয়, ‘অসন্তোষ্টি আছে কংগ্ৰেছে প্ৰাৰ্থিত্ব নাপালে বৰাকৰ কংগ্ৰেছীয়ে ইয়াৰ বিৰোধত যাব |’

কংগ্ৰেছৰ ৪০ জনীয়া প্ৰথমখন তালিকা
ঢেকীয়াজুলি- বেনুধৰ নাথ
বৰচলা- ৰাম প্ৰসাদ শৰ্মা
তেজপুৰ- ড০ অনুজ কুমাৰ মেচ
ৰঙাপাৰা- অভিজিৎ হাজৰিকা
ছুতিয়া- প্ৰাণেশ্বৰ বসুমতাৰী
বিশ্বনাথ- অঞ্জন বৰা
গহপুৰ- ৰিপুন বৰা
বটদ্ৰৱা- শিৱামণি বৰা
ৰূপহীহাট- মঃ নুৰুল হুদা
চামগুৰি- ৰকিবুল হুছেইন
কলিয়াবৰ- প্ৰশান্ত কুমাৰ শইকীয়া
সৰুপথাৰ- ৰ’জলীনা টিৰ্কী
গোলাঘাট- বিতোপন শইকীয়া
খুমটাই- বিস্মিতা গগৈ
দেৰগাঁও(এছচি)- বাণী হাজৰিকা
যোৰহাট- ৰাণা গোস্বামী
মাজুলী (এছটি)- ৰাজীৱ লোচন পেগু
মৰিয়নী- ৰূপজ্যোতি কুৰ্মী
টিয়ক- পল্লৱী গগৈ
আমগুৰি- অংকিতা দত্ত
নাজিৰা- দেবব্ৰত শইকীয়া
মাহমৰা- সুৰুজ দিহিঙীয়া
সোণাৰী- সুশীল কুমাৰ ছুৰী
থৌৱৰা- সুশান্ত বৰগোঁহাই
শিৱসাগৰ- শুভ্ৰমিত্ৰা গগৈ
বিহপুৰীয়া- ভূপেন কুমাৰ বৰা
লখিমপুৰ- জয় প্ৰকাশ দাস
ধেমাজি(এছটি)- শৈলেন সোণোৱাল
জোনাই(এছটি)- হেমা হৰি প্ৰসন্ন পেগু
মৰাণ- প্ৰাঞ্জল ঘাটোৱাৰ
ডিব্ৰুগড়- ৰাজকুমাৰ নীলানেত্ৰ নেওগ
লাহোৱাল- মনোজ ধনোৱাৰ
দুলীয়াজান- ধ্ৰুৱ গগৈ
টিংখং- এতোৱা মুণ্ডা
নাহৰকটীয়া- প্ৰণতি ফুকন
চাবুৱা- অজয় ফুকন
ডিগবৈ- শিৱনাথ চেতীয়া
মাৰ্ঘেৰিটা- মনোৰঞ্জন বৰগোঁহাই
ডুমডুমা- দুৰ্গা ভুমিজ
শদিয়া- লখিনচন্দ্ৰ চেতিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply